বিয়া নহয়, তেন্তে কি কাৰণত প্ৰিয়ংকা চোপ্ৰাই এৰিছিল ছলমান খানৰ ‘ভাৰত’?

‘দ্য স্কাই ইজ পিংক’ ছবিখন এক প্ৰেম কাহিনী, যিখন প্ৰেৰণাদায়ক বক্তা আয়েশা চৌধুৰীৰ জীৱনৰ ওপৰত আধাৰিত। এই ছবিখন মুক্তি পাব ১১ অক্টোবৰত।

news18assam
Updated:June 14, 2019, 6:42 PM IST
বিয়া নহয়, তেন্তে কি কাৰণত প্ৰিয়ংকা চোপ্ৰাই এৰিছিল ছলমান খানৰ ‘ভাৰত’?
‘দ্য স্কাই ইজ পিংক’ ছবিখন এক প্ৰেম কাহিনী, যিখন প্ৰেৰণাদায়ক বক্তা আয়েশা চৌধুৰীৰ জীৱনৰ ওপৰত আধাৰিত। এই ছবিখন মুক্তি পাব ১১ অক্টোবৰত।
news18assam
Updated: June 14, 2019, 6:42 PM IST
ঈদত মুক্তি পোৱা ছলমান খানৰ ‘ভাৰত’ ছবিখনে বক্স অফিচত অভিলেখ সৃষ্টি কৰিছে। এই ছবিখনক লৈ এতিয়াও আকৰ্ষণ কমা নাই ছবিপ্ৰেমীৰ মাজত। এতিয়ালৈকে ২০১৯ৰ সৰ্বাধিক উপাৰ্জনকাৰী দ্বিতীয়খন ছবি হৈছে ‘ভাৰত’। দেশজুৰি ১৬৭ কোটি ইতিমধ্যে উপাৰ্জন কৰিছে ছবিখনে। ছলমান খানৰ সৈতে ছবিখনত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী কেটৰিনা কাঈফে। পূৰ্বে ছবিখনত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰাৰ কথা আছিল যদিও পিছত প্ৰিয়ংকাই অভিনয় নকৰাৰ সিদ্ধান্ত লৈছিল। নিজৰ বিয়াৰ বাবেই প্ৰিয়ংকাই এই ছবিখন এৰি দিয়া বুলি চৰ্চা চলিছিল।

পূৰ্বে দেশী গাৰ্ল প্ৰিয়ংকাই ছবিখনত অভিনয় কৰাটো প্ৰায় নিশ্চিত হৈছিল। কিন্তু হঠাৎ প্ৰিয়ংকাই সলনি কৰিছিল সিদ্ধান্ত। ছবিখনৰ পৰিচালক আৰু ছলমান খানে কৈছিল যে প্ৰিয়ংকাই নিজৰ বিয়াৰ বাবেই ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লৈছিল। ইয়াক লৈ ছলমান খান প্ৰিয়ংকাৰ ওপৰত ক্ষুব্ধ হোৱাৰ বাতৰিও ওলাইছিল। ইয়াৰ পিছতে প্ৰিয়ংকাই নিক জোনাছৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু ছবিখন এৰাৰ কাৰণ বিয়া নাছিল। এই মন্তব্য কৰিছে প্ৰিয়ংকা চোপ্ৰাই।



এক অনুষ্ঠানত প্ৰিয়ংকাই কয় যে সকলোৱে মোক মোৰ সিদ্ধান্তৰ বিষয়ে সোধে যে কিয় এই সিদ্ধান্ত লৈছিলো। মই ‘ভাৰত’ এৰি সোণালী বসুৰ ছবি ‘দ্য স্কাই ইজ পিংক’ এইবাবে নিৰ্বাচন কৰিলো কাৰণ এই ছবিখনৰ ভাৱধাৰা ভাল আৰু সোণালীৰ বাবে এই ছবিখনত সন্মতি প্ৰদান কৰিছো। ‘দ্য স্কাই ইজ পিংক’ ছবিখন এক প্ৰেম কাহিনী, যিখন প্ৰেৰণাদায়ক বক্তা আয়েশা চৌধুৰীৰ জীৱনৰ ওপৰত আধাৰিত। এই ছবিখন মুক্তি পাব ১১ অক্টোবৰত।
আৰু চাওক পৰৱৰ্তী বাতৰি