বৰজনাকৰ বিয়াত উচুপি উঠিল প্ৰিয়ংকা চোপ্ৰা, ছচিয়েল মিডিয়াত ভাইৰেল ফটো

চকুপানী টুকি থকা প্ৰিয়ংকাৰ আৱেগিক ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

News18
Updated:July 1, 2019, 8:16 PM IST
বৰজনাকৰ বিয়াত উচুপি উঠিল প্ৰিয়ংকা চোপ্ৰা, ছচিয়েল মিডিয়াত ভাইৰেল ফটো
চকুপানী টুকি থকা প্ৰিয়ংকাৰ আৱেগিক ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
News18
Updated: July 1, 2019, 8:16 PM IST
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে যোৱা কিছুদিন ধৰি একেৰাহে বাতৰিৰ শিৰোনাম দখল কৰি আছে। অলপতে প্ৰিয়ংকাৰ বৰজনাক জ’ জোনাছৰ হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ছোফী টাৰ্নাৰৰ সৈতে ৰীতি–নীতি অনুসৰি বিয়া অনুষ্ঠিত হয়। এই বিবাহ অনুষ্ঠানত প্ৰিয়ংকাই শাৰী পৰিধান কৰি সুন্দৰকৈ উঠা ছবি ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চিত হয়। ৩০জুনত অনুষ্ঠিত বিবাহ অনুষ্ঠানৰ আটাইতকৈ চৰ্চিত বিষয়ে আছিল প্ৰিয়ংকা চোপ্ৰাৰ ষ্টাইলিশ ৰূপ। সব্যসাচীয়ে ডিজাইন কৰা ভাৰতীয় সাজ পৰিধান কৰা প্ৰিয়ংকা আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াৰ মাজতে এখন ছবি ভাইৰেল হৈছে য’ত প্ৰিয়ংকাই চকুপানী টুকি আছে। চাওক ফটোঃ

দেওবাৰে নিক জোনাছৰ জ্যেষ্ঠ ভাতৃ জ’ জোনাছৰ সৈতে ছোফীৰ খ্ৰীষ্টিয়ান ৰীতি–নীতি অনুসৰি বিবাহ অনুষ্ঠিত হয়। পেৰিছত অনুষ্ঠিত এই চেলিব্ৰেটী বিয়াৰ সকলো ফটো ছচিয়েল মিডিয়া আৰু ইণ্টাৰনেটত বিয়পি পৰে। এই বিয়াৰ এখন ফটোত প্ৰিয়ংকা চোপ্ৰা আৱেগিক হৈ পৰা দেখা গৈছে। এই ফটোখন প্ৰিয়ংকাৰ এটা ফেন একাউণ্টে শ্বেয়াৰ কৰিছে। প্ৰকৃততে আনন্দৰ এই মুহূৰ্তত প্ৰিয়ংকাই আৱেগৰ ধাৰ ধৰি ৰাখিব নোৱাৰাৰ বাবেই চকুপানী টুকিছিল। এই ফটোত চকুপানী মচি থিয় হৈ থকা প্ৰিয়ংকাৰ কাষতে থিয় হৈ আছে স্বামী নিক জোনাছ।

গুলপীয়া শাৰী পৰিহিত প্ৰিয়ংকা চোপ্ৰাৰ ভাৰতীয় লুকক ভূয়সী প্ৰশংসা কৰা হৈছে। সব্যসাচীয়ে ডিজাইন এইখন শাৰী প্ৰিয়ংকাৰ বাবে ডিজাইন কৰিছিল। প্ৰিয়ংকাৰ স্বামী নিক জোনাছে জ্যেষ্ঠ ভাতৃৰ বিয়াত পিন্ধে এজোৰ ক’লা টাক্সেড’ ছ্যুট।

উল্লেখযোগ্য যে জ’ জোনাছ আৰু ছোফী টাৰ্নাৰৰ বিয়া মনে মনে ইয়াৰ আগতে এবাৰ হৈ গৈছে। এই গোপন বিয়াৰ ফটো যথেষ্ট ভাইৰেল হৈছিল। ইয়াৰ পিছতে দুয়ো অফিচিয়েলী নিজৰ বিয়াৰ ঘোষণা কৰে। শণিবাৰে দক্ষিণ ফ্ৰান্সৰ চেৰিয়ন্সত ছোফী আৰু জ’ জোনাছে দ্বিতীয়বাৰলৈ বিবাহপাশত আৱদ্ধ হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি