ক’মাত যোৱাৰ পৰা কথমপি ৰক্ষা পৰিছিল প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ, কেনেকৈ?

নিক জোনাছে এই কথা ৰাজহুৱা কৰাৰ পিছতে চাৰিওফালে চৰ্চা হৈছে। উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰাও এজমা ৰোগত ভুগি আছে।

News18-Assam
Updated:October 3, 2019, 1:48 PM IST
ক’মাত যোৱাৰ পৰা কথমপি ৰক্ষা পৰিছিল প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ, কেনেকৈ?
Photo : eonline.com
News18-Assam
Updated: October 3, 2019, 1:48 PM IST
বলীউদৰ পৰা হলীউদলৈ যাত্ৰা কৰা দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা বৰ্তমান নিজৰ আহিবলগীয়া ছবি ‘দ্য স্কাই ইজ পিংক’ক লৈ চৰ্চাত আছে। এই ছবিখনৰ জৰিয়তে প্ৰিয়ংকাই বিয়াৰ পিছত পুনৰ বলীউদলৈ প্ৰত্যাৱৰ্তন কৰিছে। বিগত বৰ্ষত বিবাহপাশত আবদ্ধ হোৱা প্ৰিয়ংকা প্ৰায়ে স্বামী নিকৰ সৈতে ৰোমাণ্টিক ফটোক লৈ চৰ্চাত থাকে। শেহতীয়াকৈ নিক জোনাছক লৈ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। কোৱা হৈছে যে এসময়ত নিক জোনাছৰ অৱস্থা ইমানেই বেয়া হৈছিল যে তেওঁ ক’মাত যাবলগীয়া হোৱাৰ পৰা কথমপিয়ে ৰক্ষা পৰিছিল।

‘ছিগাৰ এফিকিঅ’নাডো’ আলোচনীক দিয়া এক সাক্ষাৎকাৰত নিকে কয় – মই ক’মাৰ একেবাৰে কাষ পাইছিলো। মই বহু সৰু থাকোতেই মোৰ দেহত ডায়েবেটিছ ধৰা পৰিছিল। মোৰ দেউতাই দেখিছিল যে মোৰ ওজন দ্ৰুতগতিত কমি আহিছিল। সকলো সময়ত কেৱল ছ’ডা পানী খাবলৈ মন গৈছিল। মোক হাস্পতাললৈ নিয়া হৈছিল। হাস্পতালত গৈ জানিব পাৰিলো যে মোৰ ব্লাড ছুগাৰ দ্ৰুতগতিত বৃদ্ধি পাইছিল, কিয়নো মোৰ টাইপ ১ ডায়েবেটিছৰ সমস্যা হৈছিল।



নিকে কয় যে ১৩ বছৰ বয়সতে মোৰ এই ৰোগে হোৱাত দেউতা আচৰিত হৈছিল। যদি মই সেই সময়ত হাস্পতাল নগ’লোহেঁতেন কি হ’লহেঁতেন নাজানো। মই মা–দেউতাক সুধিছিলো যে মই ভাল হৈ উঠিমনে? কিয়নো এই কথাটোক লৈ মই খুব ভয় খাইছিলো। তাৰ পিছতে মই মোৰ লাইফষ্টাইলত গুৰুত্ব দিয়াত লাগিলো।



নিক জোনাছে এই কথা ৰাজহুৱা কৰাৰ পিছতে চাৰিওফালে চৰ্চা হৈছে। উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰাও এজমা ৰোগত ভুগি আছে। এটা সময়ত প্ৰিয়ংকাৰ অৱস্থাও গুৰুতৰ হৈ পৰিছিল। কিন্তু সুস্বাস্থ্যকৰ জীৱন প্ৰণালীৰ বাবে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাইছিল। এই কথা কেইবাবাৰো খোলাখুলিকৈ কৈছে প্ৰিয়ংকাই।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি