প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছে জনালে দীপাৱলীৰ শুভকামনা, শ্বেয়াৰ কৰিলে ৰোমাণ্টিক ফটো

নিকৰ এই পোষ্টটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰায়ো দীপাৱলীৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

News18-Assam
Updated:October 29, 2019, 6:09 PM IST
প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছে জনালে দীপাৱলীৰ শুভকামনা, শ্বেয়াৰ কৰিলে ৰোমাণ্টিক ফটো
নিকৰ এই পোষ্টটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰায়ো দীপাৱলীৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।
News18-Assam
Updated: October 29, 2019, 6:09 PM IST
বলীউদৰ তাৰকাসকলেও ধুম–ধামেৰে পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলী উপলক্ষে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছে সকলোকে জনালে দীপাৱলীৰ শুভেচ্ছা। প্ৰিয়ং আৰু নিকে দুয়ো দুয়োৰে পৰম্পৰাক সন্মান কৰে। শেহতীয়াকৈ দীপাৱলী উপলক্ষে নিক জোনাছে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোত প্ৰিয়ংকাক শাড়ী পিন্ধি থকা দেখা গৈছে। দুয়োৰে সন্মুখত ৰখা হৈছে কেক। নিকে এই ফটোখন শ্বেয়াৰ কৰি লিখিছে – ‘সকলোলৈ শুভ দীপাৱলী। আপোনালোকলৈ বহুত বহুত মৰম।’

নিকৰ এই পোষ্টটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰায়ো দীপাৱলীৰ ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। প্ৰিয়ংকা বৰ্তমান ভাৰতত নাথাকিলেও, বিদেশতে পালন কৰিছে ভাৰতীয় উৎসৱ। দীপাৱলী উপলক্ষে প্ৰিয়ংকাই আলোকসজ্জাৰে সজাইছে থকা ঠাইখিনি। ইয়াৰ পৰাই গম পোৱা যায় যে প্ৰিয়ংকা য’তেই থাকক, নিজৰ পৰম্পৰা আৰু উৎসৱ পালন কৰিবলৈ নাপাহৰে।




 





View this post on Instagram




 

Happy Diwali to you and yours. Sending love and light to all of you all around the world.


A post shared by Nick Jonas (@nickjonas) on






NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি