Priyanka Chopra : ছুটিঙত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰিয়ংকা চোপ্ৰা, ছচিয়েল মিডিয়াত ভাইৰেল ফটো...
প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)ই তেওঁৰ পৰৱৰ্তী হলীউড শৃংখলা 'চিটাডেল' (Citadel)ৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে। অভিনেত্ৰীগৰাকীয়ে বৰ্তমান লণ্ডন (London)ত দৃশ্যগ্ৰহণ কৰি আছে। তেওঁ ছেটৰ পৰা ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক অনন্য প্ৰশ্ন সুধিছে।

- News18 Assam
- Last Updated: August 29, 2021, 10:25 AM IST
অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক তেওঁৰ আঘাতৰ বিষয়ে জনাইছে। একে সময়তে, তেওঁলোকক এটা প্ৰশ্ন সুধিছে। প্ৰিয়ংকাই অনুৰাগীসকলক কোনটো আঘাত সঁচা আৰু কোনটো মিছা বিচাৰি ল'বলৈ কৈছে। তেওঁৰ আঘাতৰ কিছুমান ফটো ইনষ্টাগ্ৰাম ষ্টৰীত শ্বেয়াৰ কৰিছিল। প্ৰিয়ংকা বৰ্তমান লণ্ডনত 'চিটাডেল' (Citadel) ৱেব ছিৰিজৰ দৃশ্যগ্ৰহণত ব্যস্ত। প্ৰিয়ংকাই ফটোখনৰ কেপশ্বনত সুধিছিল, 'কোনটো সঁচা আৰু কোনটো মিছা?'

(ফটো: Instagram/priyankachopra)
'চিটাডেল'ৰ ছেটত প্ৰিয়ংকাৰ কেইবাখনো ফটো ছচিয়েল ছাইটত ভাইৰেল হৈ পৰিছে। প্ৰথম ফটোখনৰ পিছতে প্ৰিয়ংকাই ইনষ্টা হেণ্ডেলত আৰু এখন ফটো শ্বেয়াৰ কৰে। এই ফটোখনত তেওঁ কয় যে চেলাউৰীত পোৱা আঘাতটোহে সঁচা।

ফটো: Instagram/priyankachopra)
উল্লেখ্য যে প্ৰিয়ংকাক 'টেক্সট ফৰ ইউ' ছবিখনতো দেখা যাব, য'ত চেলিন ডিয়ন আৰু ছেম হুগানে মুখ্য চৰিত্ৰত অভিনয় কৰিব। 'মেট্ৰিক্স ৪' আৰু বলীউডৰ ছবি 'জি লে জাৰা'ত দেখা যাব যিখন অভিনেতা আৰু পৰিচালক ফাৰহান আখটাৰে পৰিচালনা কৰিছে।