নিজৰ ‘আজৱ’ পোছাকক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

News18 Assam | News18-Assam
Updated:January 28, 2020, 12:27 PM IST
নিজৰ ‘আজৱ’ পোছাকক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা
এই এৱাৰ্ড ফাংচনলৈ যোৱাৰ পূৰ্বে নিজৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে, য’ত এই পোছাকত দেখা গৈছে অভিনেত্ৰীগৰাকীক।

এই এৱাৰ্ড ফাংচনলৈ যোৱাৰ পূৰ্বে নিজৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে, য’ত এই পোছাকত দেখা গৈছে অভিনেত্ৰীগৰাকীক।

  • Share this:
এইবাৰ নিজৰ পোছাকক লৈ ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বলীউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। দেওবাৰে গ্ৰেমী এৱাৰ্ডছ ২০২০ত অংশগ্ৰহণৰ সময়ত প্ৰিয়ংকা পিন্ধা পোছাকক লৈ চলিছে সৰৱ চৰ্চা।

এফালে, কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় ফেশ্যন আইকনে প্ৰিয়ংকাৰ এই পোছাক পছন্দ কৰাৰ বিপৰীতে আন একাংশই ‘দেশী গাৰ্ল’ৰ এই লুকক লৈ আৰম্ভ কৰিছে ট্ৰ’ল। অনুষ্ঠানত স্বামী নিক জোনাছৰ সৈতে উপস্থিত হৈছিল প্ৰিয়ংকা।

প্ৰিয়ংকাই নিকৰ সৈতে গ্ৰেমী ২০২০ৰ ৰেড কাৰ্পেটত ফেশ্যন ডিজাইনাৰ ৰাল্ফ এণ্ড ৰুছ’ৱে ডিজাইন কৰা পোছাকৰ সৈতে প্ৰৱেশ কৰিছিল।



এই আইভৰী হোৱাইট গাউনৰ হাইলাইট আছিল ইয়াৰ এক্সট্ৰা লং নেকলাইন। এই নেকলাইন যথেষ্ট ৰিভিলিং আছিল যাক লৈ প্ৰিয়ংকাক ট্ৰ’ল কৰা আৰম্ভ কৰি দিছে একাংশই।



এই এৱাৰ্ড ফাংচনলৈ যোৱাৰ পূৰ্বে নিজৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে, য’ত এই পোছাকত দেখা গৈছে অভিনেত্ৰীগৰাকীক। বিভিন্নজনে বিভিন্নধৰণৰ সমালোচনামূলক কমেণ্ট কৰে প্ৰিয়ংকাৰ এই পোছাকক লৈ।




 




View this post on Instagram




 

Tassel fun. #grammys


A post shared by Priyanka Chopra Jonas (@priyankachopra) on





আনহাতে, একাংশই ট্ৰ’ল কৰাৰ বিপৰীতে কিছুসংখ্যক লোক থিয় দিছে প্ৰিয়ংকাৰ পক্ষত। যিয়ে যি ভাল পায় সেয়া পিন্ধিব দিব লাগে বুলি মন্তব্য কৰে একাংশই।
আৰু চাওক
পৰৱৰ্তী বাতৰি