ঋত্বিক ৰোশনৰ ছবিৰ গানত প্ৰিয়ংকাৰ নৃত্য, ছচিয়েল মিডিয়াত ভাইৰেল VIDEO

News18-Assam
Updated:November 25, 2019, 7:29 AM IST
ঋত্বিক ৰোশনৰ ছবিৰ গানত প্ৰিয়ংকাৰ নৃত্য, ছচিয়েল মিডিয়াত ভাইৰেল VIDEO
Photo : time.com

ভিডিঅ’টোত টাইগাৰ শ্ৰফ আৰু ঋত্বিক ৰোশনৰ ছবি ‘ৱাৰ’ৰ জনপ্ৰিয় গান এটাত প্ৰিয়ংকাক নচা দেখা গৈছে।

  • Share this:
গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা সততে নিজৰ কামৰ বাবে চৰ্চাত থাকে। শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত প্ৰিয়ংকাই ঋত্বিক ৰোশনৰ গানত নাচি থকা দেখা গৈছে। অনুৰাগীসকলে প্ৰিয়ংকাৰ এই নৃত্যই আমোদ দিছে অনুৰাগীসকলক। প্ৰিয়ংকা চোপ্ৰাক নৃত্যৰ কৌশল শিকাইছে অভিনেত্ৰী বাণী কাপুৰে।

আচলতে, প্ৰিয়ংকাই বলীউদৰ কেইবাগৰাকীও তাৰকাৰ সৈতে ৰোহিনী আয়াৰৰ এটা পাৰ্টীত উপস্থিত আছিল। ৰোহিনী তাৰকাসকলৰ পি আৰৰ কাম চোৱাচিতা কৰে আৰু এইক্ষেত্ৰত তেওঁ অত্যন্ত পৰিচিত। ৰোহিনীৰ পাৰ্টীৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।




ভিডিঅ’টোত টাইগাৰ শ্ৰফ আৰু ঋত্বিক ৰোশনৰ ছবি ‘ৱাৰ’ৰ জনপ্ৰিয় গান এটাত প্ৰিয়ংকাক নচা দেখা গৈছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে ঋত্বিক ৰোশনৰ ফেন ক্লাবে।



 




View this post on Instagram




 

Posers !!


A post shared by Rohini iyer (@rohiniyer) on





এই পাৰ্টীত প্ৰিয়ংকা চোপ্ৰা, বাণী কাপুৰৰ উপৰি একতা কাপুৰ, নুছৰ ভাৰুচা, ৰাজকুমাৰ ৰাও, পত্ৰলেখা, অৰ্পিতা খান শৰ্মা, আয়ুষ্মান খুৰানা, তাহিৰা কাশ্যপসহ বহু তাৰকাই অংশগ্ৰহণ কৰে।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি