স্বামী নিক জোনাছৰ সৈতে দীপাৱলী পালন কৰিলে প্ৰিয়ংকাই, চাওক ফটো

নিজৰ বন্ধুবৰ্গৰ সৈতে দীপাৱলী উদযাপন কৰা দেখা গৈছে প্ৰিয়ংকাক।

News18-Assam
Updated:October 27, 2019, 2:11 PM IST
স্বামী নিক জোনাছৰ সৈতে দীপাৱলী পালন কৰিলে প্ৰিয়ংকাই, চাওক ফটো
নিজৰ বন্ধুবৰ্গৰ সৈতে দীপাৱলী উদযাপন কৰা দেখা গৈছে প্ৰিয়ংকাক।
News18-Assam
Updated: October 27, 2019, 2:11 PM IST
জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই বিয়াৰ পিছৰে পৰা যদিও বিদেশতে আছে, কিন্তু ভাৰতীয় উৎসৱ–পৰম্পৰাৰ প্ৰতি আজিও সচেতন। ইফালে, প্ৰিয়ংকাক প্ৰতিটো কামতে সহযোগিতা আগবঢ়ায় স্বামী নিক জোনাছে। প্ৰথমবাৰলৈ প্ৰিয়ংকাই স্বামীৰ সৈতে পালন কৰিছে দীপাৱলী। প্ৰিয়ংকাই দীপাৱলীৰ আনন্দৰ ভাগ দিছে নিজৰ অনুৰাগীসকলকো।

প্ৰিয়ংকা চোপ্ৰাই দীপৱালী উপলক্ষে স্বামী নিকৰ সৈতে শ্বেয়াৰ কৰিছে এখন ৰোমান্তিক ফটো। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোৰ কেপচনত প্ৰিয়ংকাই লিখিছে – ‘Happy Diwali to everyone celebrating. From mine to yours...।’ এই পোষ্টটোত বহু অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।



ইফালে, এই ফটোখনত বাদেও প্ৰিয়ংকাই শ্বেয়াৰ কৰিছে আন দুখন ফটোও। য’৸ত আলোকসজ্জাৰে সজাই তোলা হৈছে নিক–প্ৰিয়ংকাৰ ঘৰটো। লগতে নিজৰ বন্ধুবৰ্গৰ সৈতে দীপাৱলী উদযাপন কৰা দেখা গৈছে প্ৰিয়ংকাক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি