বৰ্তমান কোৰোণাৰ দ্বাৰা প্ৰায়ভাগ বিষয়ে প্ৰভাৱিত হৈছে। এই পৰিস্থিতিৰ পৰা সাৰি নগ'ল কান চলচ্চিত্ৰ মহোৎসৱো (Cannes Film Festival)। কান চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা ভাৰতৰ বহু অভিনেতা এইবাৰ যাব নোৱাৰিলে। গতিকে বাৰে বাৰে মনলৈ আহিছে কানৰ কথা, ইয়াৰ ৰেড কাৰ্পেটৰ কথা।
বলীউডৰ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা জোনাছ (Priyanka Chopra Jonas) ২০১৯ চনত স্বামী নিক জোনাছৰ (Nick Jonas) সৈতে উৎসৱটোত অংশগ্ৰহণ কৰিছিল। তাৰ ফটো ইনষ্টাগ্ৰামত আকৌ এবাৰ পোষ্ট কৰিলে নিকে। নিক জোনাছে সেই ফটোখনত মুগা ৰঙৰ ব্লেজাৰৰ সৈতে এটা ক'লা ট্ৰাউজাৰ পিন্ধিছিল। প্ৰিয়ংকা চোপ্ৰাই Tommy Hilfigerৰ পৰা কমলা ৰঙৰ বেকলেছ টপ পিন্ধিছিল আৰু তাৰ সৈতে মিলা চপাৰ্ড কাণফুলি পিন্ধিছিল।
View this post on Instagram
ছবিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। নিক–প্ৰিয়ংকাৰ বহু অনুৰাগী আছে। ফলস্বৰূপে, অধিক হাৰত দিছে হাৰ্ট ইমোজিৰ সৈতে লাইক আৰু মন্তব্য। নিক আৰু প্ৰিয়ংকা দুয়ো এতিয়া কামত ব্যস্ত। গতিকে তেওঁলোক কিছুদিনৰ বাবে বেলেগে আছে। নিয়মীয়াকৈ সামাজিক মাধ্যমত ইজনে সিজনৰ বাবে থ্ৰোবেক পোষ্ট কৰা দেখা গৈছে। দুয়োজন সামাজিক মাধ্যমতো অতি সক্ৰিয়। তেওঁলোকে দৈনন্দিন জীৱনৰ বিভিন্ন মুহূৰ্ত তেওঁলোকৰ অনুৰাগীসকলৰ সৈতে ভাগ–বাটোৱাৰা কৰি আহিছে।
নিক–প্ৰিয়ংকাই ২০১৮ চনৰ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল। বিবাহ অনুষ্ঠানটো ৰাজস্থানৰ উমেদ ভৱন প্ৰাসাদত (Umaid Bhawan Palace) অনুষ্ঠিত হৈছিল। বিবাহ অনুষ্ঠান হিন্দু আৰু খ্ৰীষ্টান ধৰ্ম উভয় ৰীতি-নীতি অনুসৰি সম্পন্ন কৰা হৈছিল।
আনহাতে প্ৰিয়ংকা চোপ্ৰাই অলপতে উইম্বলডন মহিলা একক ফাইনেল পৰিদৰ্শন কৰিছিল। ফাইনেলখনত সমগ্ৰ বিশ্বৰ ডাঙৰ চেলিব্ৰিটীসকলে অংশগ্ৰহণ কৰিছিল। প্ৰিয়ংকাৰ সৈতে সমাজকৰ্মী নাতাশা পুনাৱালা (Natasha Poonawala) আৰু জেমছ জি বোল্টাৰ (James G Bolter) আছিল। প্ৰিয়ংকাই সেই ছবিবোৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল আৰু ইয়াক উইম্বলডনত কটোৱা এটা মহান সপ্তাহ হিচাপে শিৰোনাম দিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|