বুধবাৰে নিউয়ৰ্কত প্ৰিয়ংকা চোপ্ৰাক খাকী ৰঙৰ শ্ব’ৰ্ট, ব্লেক টপ আৰু ব্লেক কোটত দেখা যায়। প্ৰিয়ংকাৰ সৈতে আছিল স্বামী নিক জোনাছ।
কিন্তু যেতিয়াই প্ৰিয়ংকাই খাকী ৰঙৰ শ্ব’ৰ্ট পিন্ধা ফটো সকলোৰে সন্মুখলৈ আহিলে, অভিনেত্ৰীগৰাকীক ছচিয়লে মিডিয়াত ট্ৰল কৰিবলৈ আৰম্ভ কৰিলে। খাকী ৰঙৰ শ্ব’ৰ্ট RSSৰ ইউনিফৰ্ম।
ছচিয়েল মিডিয়াত প্ৰিয়ংকা চোপ্ৰাৰ ফটো শ্বেয়াৰ কৰি ইউজাৰ্চে ক’লে যে প্ৰিয়ংকা, RSSৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’বলৈ উপস্থিত হৈছে।
প্ৰিয়ংকা চোপ্ৰাক ট্ৰল কৰি বহুজনে লিখিলে যে তেওঁ RSSৰ বৈঠক বা শাখাত অংশ লৈ উভতিছে। এজন ট্ৰলাৰে লিখিলে যে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজত্বত RSSৰ বিস্তাৰ হৈছে। এতিয়া প্ৰিয়ংকাও হ’ব প্ৰধানমন্ত্ৰী।
প্ৰিয়ংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাৎ আৰু খাকী ৰঙৰ শ্ব’ৰ্ট পিন্ধা ফটো এডিট কৰি লিখিলে যে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত প্ৰিয়ংকাই RSSৰ সদস্য হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
প্ৰিয়ংকাক কেইবাগৰাকী ইউজাৰ্চে RSSৰ ইণ্টাৰনেচনেল ব্ৰেণ্ড এম্বেছাডৰ বুলিও ক’লে।
প্ৰিয়ংকা চোপ্ৰাই কেইদিনমান পূৰ্বে বোষ্টেনত মাতৃ মধু চোপ্ৰাৰ জন্মদিন পালন কৰিবলৈ উপস্থিত হৈছিল। প্ৰিয়ংকা আৰু স্বামী নিকে মধু চোপ্ৰাৰ বাবে বিশেষ ব্যৱস্থা কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|