বিবাহবাৰ্ষিকীৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰাৰ ঘৰত নতুন সদস্য, আনন্দিত নিক

News18 Assam | News18-Assam
Updated:November 27, 2019, 12:22 PM IST
বিবাহবাৰ্ষিকীৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰাৰ ঘৰত নতুন সদস্য, আনন্দিত নিক
প্ৰিয়ংকাৰ এই ছাৰপ্ৰাইজৰ পিছতে তেওঁলোকৰ পৰিয়ালত অন্তৰ্ভুক্ত হ’ল নতুন সদস্য।

প্ৰিয়ংকাৰ এই ছাৰপ্ৰাইজৰ পিছতে তেওঁলোকৰ পৰিয়ালত অন্তৰ্ভুক্ত হ’ল নতুন সদস্য।

  • News18 Assam
  • Last Updated: November 27, 2019, 12:22 PM IST
  • Share this:
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ বিয়াৰ প্ৰথম বৰ্ষপূৰ্তিৰ বাবে আৰু কিছুদিন বাকী। কিন্তু প্ৰিয়ংকা চোপ্ৰাই বিবাহ বাৰ্ষিকীৰ পূৰ্বেই স্বামী নিক জোনাছক দিলে ছাৰপ্ৰাইজ। প্ৰিয়ংকাই দিয়া উপহাৰক লৈ অত্যন্ত আনন্দিত নিক। প্ৰিয়ংকাৰ এই ছাৰপ্ৰাইজৰ পিছতে তেওঁলোকৰ পৰিয়ালত অন্তৰ্ভুক্ত হ’ল নতুন সদস্য। এই নতুন সদস্যৰ নাম জিন’ জোনাছ।

জিন’ জোনাছ, প্ৰিয়ংকা চোপ্ৰাৰ নতুন কুকুৰ, যিটো বিবাহ বাৰ্ষিকীৰ পূৰ্বে স্বামী নিকক উপহাৰ হিচাপে দিলে অভিনেত্ৰীগৰাকীয়ে। প্ৰিয়ংকাই জিন’ৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত নিকে শুই থকা দেখা গৈছে। সেই সময়তে প্ৰিয়ংকাই নিকক জগাই দিয়ে আৰু জিন’ৱে বিচনাত উঠি যোৱা দেখা গৈছে।




পূৰ্বৰে পৰা প্ৰিয়ংকাৰ আছে ‘ডায়না’ নামৰ আন এটা কুকুৰ। যিটোক অতি মৰম কৰে প্ৰিয়ংকাই। আন এটা পোষ্টত প্ৰিয়ংকাই স্পষ্ট কৰিছে যে জিন’ তেওঁলোকৰ জীৱনলৈ আহিলেও এতিয়াও ডায়না সকলোতকৈ মৰমৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি