বেডৰুমত প্ৰিয়ংকা–ফাৰহানৰ ৰোমাঞ্চ, ‘দ্য স্কাই ইজ পিংক’ৰ ভিডিঅ’ লীক

তিনি বছৰৰ পিছত তথা বিয়াৰ পিছত এই ছবিখনৰ যোগেদি পুনৰ বলীউদলৈ প্ৰত্যাৱৰ্তন ঘটিছে প্ৰিয়ংকাৰ।

News18-Assam
Updated:October 8, 2019, 11:40 AM IST
বেডৰুমত প্ৰিয়ংকা–ফাৰহানৰ ৰোমাঞ্চ, ‘দ্য স্কাই ইজ পিংক’ৰ ভিডিঅ’ লীক
তিনি বছৰৰ পিছত তথা বিয়াৰ পিছত এই ছবিখনৰ যোগেদি পুনৰ বলীউদলৈ প্ৰত্যাৱৰ্তন ঘটিছে প্ৰিয়ংকাৰ।
News18-Assam
Updated: October 8, 2019, 11:40 AM IST
বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা বৰ্তমান নিজৰ আহিবলগীয়া ছবি ‘দ্য স্কাই ইজ পিংক’ৰ প্ৰমোশ্যনত ব্যস্ত আছে। বিভিন্ন স্থানত ছবিখনৰ প্ৰচাৰৰ কাম অব্যাহত ৰাখিছে প্ৰিয়ংকাই। শেহতীয়াকৈ প্ৰিয়ংকাৰ ছবি ‘দ্য স্কাই ইজ পিংক’ৰ নতুন প্ৰম’ ভিডিঅ’ লীক হৈছে। এই প্ৰম’ ভিডিঅ’টোত প্ৰিয়ংকা চোপ্ৰা আৰু ফাৰহান আখতাৰক বেডৰুমত দেখা গৈছে।

ভিডিঅ’ত দুয়োগৰাকীৰে কেমিষ্ট্ৰী আৰু ধেমালি চাবলগীয়া। এই ভিডিঅ’টোত ফাৰহানে ৰোমাঞ্চ কৰাৰ চেষ্টা কৰিছে আৰু প্ৰিয়ংকাক হাঁহি থকা দেখা গৈছে। ৰোমাঞ্চ কৰাৰ সলনি প্ৰিয়ংকাই কিয় হাঁহি আছে কথা ভিডিঅ’টোত প্ৰকাশ কৰিছে প্ৰিয়ংকাই।




উল্লেখযোগ্য যে ছবিখনৰ ট্ৰেইলাৰ, প্ৰম’ আৰু গান সুন্দৰ হৈছে। তিনি বছৰৰ পিছত তথা বিয়াৰ পিছত এই ছবিখনৰ যোগেদি পুনৰ বলীউদলৈ প্ৰত্যাৱৰ্তন ঘটিছে প্ৰিয়ংকাৰ। সোণালী বসুৱে পৰিচালনা কৰা ‘দ্য স্কাই ইজ পিংক’ৰ কাহিনী বাস্তৱ জীৱনৰ ওপৰত আধাৰিত। প্ৰেৰণামূলক বক্তা আইশা চৌধুৰীৰ পিতৃ–মাতৃ অদিতি আৰু নিৰেনৰ ওপৰত আধাৰিত এই ছবিখন। ছবিখনত শিশুৰ চৰিত্ৰত অভিনয় কৰিছে জায়ৰা ৱাছিমে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি