টীম ইণ্ডিয়াৰ বিজয়ক লৈ আনন্দিত অভিনেত্ৰী পুনম, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ভিডিঅ’

তিনিদিন পূৰ্বে পুনমে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’।

News18-Assam
Updated:July 1, 2019, 10:52 PM IST
টীম ইণ্ডিয়াৰ বিজয়ক লৈ আনন্দিত অভিনেত্ৰী পুনম, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ভিডিঅ’
তিনিদিন পূৰ্বে পুনমে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’।
News18-Assam
Updated: July 1, 2019, 10:52 PM IST
অভিনেত্ৰী পুনম পাণ্ডে নিজৰ ‘হট’ ফটো আৰু ভিডিঅ’ৰ বাবে প্ৰায়ে চৰ্চাত থাকে। পুনৰ এবাৰ ইণ্টাৰনেটত খলকনি তুলিছে অভিনেত্ৰীগৰাকীয়ে। তিনিদিন পূৰ্বে পুনমে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। বিশ্বকাপত টীম ইণ্ডিয়াৰ প্ৰদৰ্শনক লৈ উৎফুল্লিত হৈ শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো। তিনিদিন পূৰ্বে অৰ্থাৎ ২৭ জুনত আছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মেচ। এই খেলখনত ভাৰতে জয়লাভ কৰাৰ পিছতে পুনমে আনন্দতে এই ভিডিঅ’টো শ্বেয়াৰ কৰে।



ভিডিঅ’ত পুনমে কৈছে – মই বৰ্তমান ভাৰতত নাই। কিন্তু এখন এনেকুৱা ঠাইত আছো য’ত মই খবৰ পাইছো যে ভাৰতে ১৩৫ ৰানত জয়লাভ কৰিছে। তাৰ পিছতে কেমেৰাৰ সন্মুখত পুনমে প্ৰদৰ্শন কৰে নিজৰ বক্ষ। অৱশ্যে এনেধৰণৰ কাণ্ড পুনৰ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ২০১১ত ভাৰতে বিশ্বকাপ জয় কৰাৰ পিছতো পুনমে শ্বেয়াৰ কৰিছিল এটা ভিডিঅ’। ভাৰতে বিশ্বকাপ জিকিলে উলংগ হ’ম বুলিও কৈছিল পুনমে। কিন্তু বিচিচিআয়ে এনেকুৱা কাম কৰাৰ বাবে অনুমতি দিয়া নাছিল।

আৰু চাওক পৰৱৰ্তী বাতৰি