অভিনেত্ৰী কৰীণা কাপুৰ খান (Kareena Kapoor Khan) পৰিল বিপদত। অভিনেত্ৰীগৰাকীৰ ওপৰত ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপন হৈছে। অকল অভিযোগেই নহয় দাবী জনোৱা হৈছে গোচৰ পঞ্জীয়নৰো। কৰীণাই গৰ্ভধাৰণৰ অভিজ্ঞতা সামৰি যিখন কিতাপ লিখিছে, তাৰ শিৰোনাম দিয়া হৈছে প্ৰেগনেন্সী বাইবেল (Pregnancy Bible)। এতিয়া এটা সম্প্ৰদায়ৰ ধৰ্মগ্ৰন্থৰ নামৰ সৈতে মিলা এনে নামকৰণৰ বাবে ক্ষুব্ধ হৈছে সম্প্ৰদায়টো।
কিতাপখনৰ শিৰোনামটোক লৈ খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলে মহাৰাষ্ট্ৰৰ বিড চহৰত অভিনেত্ৰীগৰাকী আৰু আন দুজনৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰে। আলফা অমেগা খ্ৰীষ্টান মহাসংঘৰ সভাপতি আশিস চিন্দেই এই কিতাপখনৰ ওপৰত শিৱাজী নগৰ আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছে, য'ত আন এজন লেখকৰ নামো আছে।
চিন্দেই তেওঁৰ অভিযোগত কৰীণা কাপুৰ আৰু অদিতি শ্বাহ ভীমজানিৰ দ্বাৰা লিখা আৰু জগৰনাণ্ট বুকছৰ দ্বাৰা প্ৰকাশিত কিতাপখন "প্ৰেগনেন্সী বাইবেল" শীৰ্ষ নামৰ কথা উল্লেখ কৰিছে। চিন্দেই অভিনেত্ৰীগৰাকী আৰু আন দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (IPC) ধাৰা ২৯৫-এৰ অধীনত এটা গোচৰ পঞ্জীয়নৰ দাবী জনাইছে।
অৱশ্যে আৰক্ষী বিষয়াই জনোৱা মতে অভিযোগ কৰা হৈছে যদিও ইয়াকে লৈ এজাহাৰ দাখিল কৰা হোৱা নাই। উল্লেখ্য, কৰীণাই ৯ জুলাইত তেওঁৰ কিতাপখন মুকলি কৰিছিল। ফেব্ৰুৱাৰীত তেওঁৰ দ্বিতীয় সন্তান জন্ম দিয়া কৰীণাই এই কিতাপখনক তেওঁৰ তৃতীয় সন্তান বুলি বৰ্ণনা কৰিছিল। কিতাপখনৰ প্ৰচাৰৰ বাবে তেওঁ ছ'চিয়েল মিডিয়াত কেইবাটাও পোষ্ট কৰিছিল৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|