• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Papon: ৬ বছৰৰ পিছত বিহু মঞ্চত পাপন। ব'হাগত এইবাৰ পাপনৰ গীতে বিহু মঞ্চত তুলিব আলোড়ন।

Papon: ৬ বছৰৰ পিছত বিহু মঞ্চত পাপন। ব'হাগত এইবাৰ পাপনৰ গীতে বিহু মঞ্চত তুলিব আলোড়ন।

  • Share this:
এটা, দুটা বছৰ নহয়, ছবছৰৰ বিৰতিৰ মূৰত অসমৰ বিহু মঞ্চত গীত পৰিবেশন কৰিব অংগৰাগ পাপন (Angarag Papon Mahanta) মহন্তই। ছয় বছৰে সাঁচি ৰখা গীতৰ সম্ভাৰ লৈ মঞ্চ কঁপাবলৈ সাজু অংগৰাগ পাপন মহন্ত। নিজৰ নতুন নতুন ফিউজনৰ লগতে পাপনে মঞ্চত গাব প্ৰয়াত পিতৃ খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তৰ গীত।

পূৰ্বৰ  নিচিনাকৈ বহু মঞ্চত গীত পৰিৱেশন নকৰিলেও বচা বচা কেইবাখনো বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ সাজু হৈছে পাপন। বহিঃৰাজ্যৰ বিহু মঞ্চতো গীত পৰিবেশন  কৰিব জনপ্ৰিয় শিল্পীজনে।

কোভিড১৯ৰ  বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনাক আদৰণি জনাইছে পাপনে। কিন্তু দৰ্শকৰ সংখ্যাৰ সীমাবদ্ধতাৰ বিষয়টোক লৈ চিন্তিত হৈছে শিল্পীগৰাকী। পাপনৰ মতে শিল্পীসকলক ভালপোৱা অলেখ বিহুপ্ৰেমী আছে। কিন্তু সকলোৱে মানিব লাগিব কোভিডৰ প্ৰটোকল।

উল্লেখ্য যে  আজিতাক্স ভেঞ্চাৰছ প্ৰাইভেট লিমিটেডৰ তৃতীয় সংস্কৰণৰ অসমীয়া কেলেণ্ডাৰৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিহুৰ বাবে নিজৰ প্ৰস্তুতিৰ কথা জনায় পাপনে।
Published by:Manjumoni Borah
First published: