অশ্লীল ফটো ভাইৰেল হোৱাৰ পিছতে মনোৰঞ্জন জগতৰ পৰা বিদায় ল’লে পাকিস্তানী গায়িকা ৰবি পীৰজাদাই!

কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাবুকি দিয়াক লৈ ব্যাপকভাৱে চৰ্চিত হৈছিল পাকিস্তানী গায়িকাগৰাকী।

News18-Assam
Updated:November 5, 2019, 7:19 PM IST
অশ্লীল ফটো ভাইৰেল হোৱাৰ পিছতে মনোৰঞ্জন জগতৰ পৰা বিদায় ল’লে পাকিস্তানী গায়িকা ৰবি পীৰজাদাই!
Photo : starsunfolded.com
News18-Assam
Updated: November 5, 2019, 7:19 PM IST
পাকিস্তানী পপ গায়িকা ৰবি পীৰজাদাৰ অশ্লীল ফটো আৰু ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। এই ঘটনাৰ পিছতে টুইটাৰত ফটো আৰু ভিডিঅ’ নিবিয়পাবলৈ অনুৰোধ জনায়। অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত এতিয়া মনোৰঞ্জন জগতৰ পৰা বিদায় লোৱাৰ সিদ্ধান্ত লৈছে পপ গায়িকাগৰাকীয়ে।

ৰবি পীৰজাদাই নিজৰ টুইটাৰ একাউণ্টত লিখিছে – ‘মই শ্ব’বিজৰ পৰা নিজকে পৃথক কৰিছো, আল্লাহে মোৰ গুণাহ মাফ কৰক। আৰু মোৰ বাবে মানুহৰ অন্তৰ কোমল কৰক।’ এই টুইটৰ পৰা অনুমান কৰা হৈছে ৰবি পীৰজাদাই মনোৰঞ্জন জগতৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে। ইয়াৰ লগতে ৰবিয়ে আৰু এটা পোষ্ট কৰিছে। টুইটটোত গায়িকাগৰাকীয়ে লিখিছে – i am sorry for being me.

উল্লেখযোগ্য যে ৰবি পীৰজাদাই প্ৰায়ে নিজৰ মন্তব্যৰ বাবে চৰ্চাত থাকে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাবুকি দিয়াক লৈ ব্যাপকভাৱে চৰ্চিত হৈছিল পাকিস্তানী গায়িকাগৰাকী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি