• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৯২সংখ্যক একাডেমী এৱাৰ্ড ঘোষণা, কোন কোন তাৰকাই লাভ কৰিলে অস্কাৰ?

৯২সংখ্যক একাডেমী এৱাৰ্ড ঘোষণা, কোন কোন তাৰকাই লাভ কৰিলে অস্কাৰ?

‘মেৰিজ ষ্টৰী’ ছবিখনত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী লাৰা ডৰ্ণে লাভ কৰিছে শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ অস্কাৰ। নিজৰ জন্মদিনৰ দিনাই অস্কাৰ লাভ কৰি উৎফুল্লিত অভিনেত্ৰী লাৰা।

‘মেৰিজ ষ্টৰী’ ছবিখনত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী লাৰা ডৰ্ণে লাভ কৰিছে শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ অস্কাৰ। নিজৰ জন্মদিনৰ দিনাই অস্কাৰ লাভ কৰি উৎফুল্লিত অভিনেত্ৰী লাৰা।

‘মেৰিজ ষ্টৰী’ ছবিখনত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী লাৰা ডৰ্ণে লাভ কৰিছে শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ অস্কাৰ। নিজৰ জন্মদিনৰ দিনাই অস্কাৰ লাভ কৰি উৎফুল্লিত অভিনেত্ৰী লাৰা।

  • Share this:
ঘোষণা কৰা হ’ল ৯২সংখ্যক একাডেমী এৱাৰ্ড। আমেৰিকাৰ লছ এঞ্জেলেছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত হৈছে এই অনুষ্ঠান। দক্ষিণ কোৰিয়াৰ ছবি ‘পেৰাছাইট’লৈ আগবঢ়োৱা হৈছে সৰ্বশ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ অস্কাৰ। ‘জ’কাৰ’ ছবিখনত অভিনয়ৰ বাবে ৱাকিন ফিনিক্সে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ।

কুইণ্টিন টেৰেণ্টিন’ৰ ছবি ‘ৱানছ আপোন এ টাইম ইন হলীউদ’ত কৰা অভিনয়ৰ বাবে ব্ৰেড পিটলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ সহঃ অভিনেতাৰ অস্কাৰ। প্ৰথমবাৰলৈ পিটে লাভ কৰিলে সন্মানীয় অস্কাৰ।

এইবাৰ অস্কাৰত সৃষ্টি হৈছে কেইবাটাও নতুন অভিলেখৰ। দক্ষিণ কোৰিয়াৰ চিত্ৰনাট্যকাৰ বং জুন হ’ আৰু হান জিন হ’ৰ ছবি ‘পেৰাছাইট’লৈ আগবঢ়োৱা হৈছে ‘বেষ্ট অৰিজিনেল স্ক্ৰীনপ্লে’ৰ অস্কাৰ। প্ৰথমবাৰলৈ দক্ষিণ কোৰিয়াৰ ছবিয়ে লাভ কৰিলে অস্কাৰ।

‘মেৰিজ ষ্টৰী’ ছবিখনত কৰা অভিনয়ৰ বাবে অভিনেত্ৰী লাৰা ডৰ্ণে লাভ কৰিছে শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ অস্কাৰ। নিজৰ জন্মদিনৰ দিনাই অস্কাৰ লাভ কৰি উৎফুল্লিত অভিনেত্ৰী লাৰা।#Oscars Moment: @LauraDern wins Best Supporting Actress for @MarriageStory. pic.twitter.com/g8cn8KoRMo

‘জ’জ’ ৰেবিট’ ছবিখনে লাভ কৰিছে ‘বেষ্ট এডাপ্টেড স্ক্ৰীণপ্লে’ৰ অস্কাৰ। ছবিখনৰ প্ৰযোজক হৈছে তাইকা ৱেটটী। আনহাতে, ‘দ্য নেইবাৰ্ছ উইনড’’ ছবিখনে লাভ কৰিছে ‘বেষ্ট লাইভ ছৰ্ট ফিল্ম’ পুৰস্কাৰ। ‘ব্ৰাডাৰহুড’ আৰু ‘ফুটবল ক্লাব’ক পিছ পেলাই শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে এই ছবিখনে।

সেইদৰে বাৰবৰা লিংগৰ ছবি ‘ৱান্ছ আপোন এ টাইম ইন হলীউদ’ ছবিখনে লাভ কৰে ‘বেষ্ট প্ৰডাকচন ডিজাইন’ৰ অস্কাৰ। বাৰবৰা লিংগৰ লগতে নেন্সী হাইলৈ আগবঢ়োৱা হয় ‘বেষ্ট ছেড ডেকোৰেশ্যন’ৰ অস্কাৰ। ‘লিটিল উইমেন’ ছবিখনৰ বাবে জেকলিন ডুৰেনলৈ আগবঢ়োৱা হয় ‘বেষ্ট কষ্টিউম ডিজাইন’ৰ অস্কাৰ। এই ছবিখন ৬টা কেটেগৰীলৈ মনোনীত হৈছিল।

‘বেষ্ট ছাউণ্ড এডিটিং’ৰ অস্কাৰ লাভ কৰে ‘ফ’ৰ্ড ভাৰ্ছেছ ফেৰাৰী’ ছবিখনে। ‘1917’ ছবিখনে লাভ কৰে ‘বেষ্ট ছাউণ্ড মিক্সিং’ৰ পুৰস্কাৰ। ‘বেষ্ট ছাউণ্ড মিক্সিং’ৰ অস্কাৰ লাভ কৰে মাৰ্ক টেলাৰ আৰু ষ্টুৱাৰ্ট উইলছনে লাভ কৰে। ‘জয় ষ্টৰী 4’ ছবিখনে লাভ কৰে ‘বেষ্ট এনিমেটেড ফিচাৰ ফিল্মৰ অস্কাৰ। আনহাতে, ‘বেষ্ট এনিমেটেড শ্বৰ্ট ফিল্ম’ৰ অস্কাৰ লাভ কৰে ‘হেয়াৰ লাভ’–এ।
Published by:Sanjay Kumar Das
First published: