• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • প্ৰেমত মচগুল আমিৰ খানৰ জীয়ৰী! ভেলেণ্টাইন সপ্তাহৰ সময়ত শ্বেয়াৰ কৰিলে প্ৰেমিকৰ সৈতে ফটো

প্ৰেমত মচগুল আমিৰ খানৰ জীয়ৰী! ভেলেণ্টাইন সপ্তাহৰ সময়ত শ্বেয়াৰ কৰিলে প্ৰেমিকৰ সৈতে ফটো

ভেলেণ্টাইন সপ্তাহক লৈ এতিয়া ব্যস্ত হৈ পৰিছে বলীউদৰ তাৰকাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ। ইনষ্টাতাত এতিয়া প্ৰেমত মচগুল হৈ থকা দেখিবলৈ পোৱা গৈছে আমিৰ খানৰ জীয়ৰী ইৰা খানক।

  • Share this:
ভেলেণ্টাইন সপ্তাহ চলি থকা মাজতে আমিৰ খানৰ জীয়ৰী ইৰাই ৰাজহুৱা কৰিলে নিজৰ প্ৰেমৰ কথা। ফিটনেছ প্ৰশিক্ষক নুপুৰ শিখৰেৰ সৈতে থকা ইয়াৰ প্ৰেমৰ সম্পৰ্কৰ কথা এতিয়া শ্বেয়াৰ কৰিলে ইৰাই নিজে। ছচিয়েল মিডিয়াত পোষ্ট কৰা বহু ফটোত ইৰা আৰু নুপুৰক একেলগে দেখিবলৈ পোৱা গৈছে।

ইৰাই ছচিয়েল মিডিয়াত লিখিছে, "আপোনাৰ সৈতে প্ৰতিশ্ৰুতিবদ্ধ হোৱা আৰু আপোনাক প্ৰতিশ্ৰুতি দিয়াটো মোৰ বাবে গৌৰৱৰ বিষয় । তাৰ প্ৰত্যুত্তৰত প্ৰেমিক নুপুৰে  কমেণ্টত লিখিছে, "মইয়ো তোমাক ভাল পাও ।"

View this post on Instagram

A post shared by Ira Khan (@khan.ira)

দীৰ্ঘ সময় ধৰি ইৰাৰ পৰিয়ালৰ বিভিন্ন অনুষ্ঠানটো উপস্থিত থাকে নুপুৰ। শেহতীয়াকৈ ইৰাৰ সম্পৰ্কীয় ভায়েক বিয়াতো দেখা গৈছিল নুপুৰক | য'ত উপস্থিত আছিল আমিৰ খান আৰু কিৰণ ৰাও ।

ল'কডাউনৰ সময়ত ইৰা আৰু নুপুৰ দুয়ো দুয়োৰে ওচৰ চাপিছিল | পূৰ্বে ইৰাৰ ফিটনেচৰ ওপৰত দুয়ো কাম কৰাৰ সিদ্ধান্ত লৈছিল আৰু তেনেকৈয়ে দুয়োৰে মাজত প্ৰেম হয় আৰু ইজনে আনজনৰ বাবে অবিচ্ছেদ্য অংগ হৈ পৰে।

উল্লেখ্য যে, ইৰা আৰু জুনাইদ খান হৈছে আমিৰ খান আৰু তেওঁৰ প্ৰথমা পত্নী ৰীনা দত্তৰ সন্তান |
Published by:Himangshu Bhuyan
First published: