• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Kirron Kher's Birthday: বিবাহিত হোৱাৰ পিছতো অনুপম খেৰৰ প্ৰেমত পৰিছিল অভিনেত্ৰী কিৰণ খেৰ, কেনেদৰে হৈছিল বিবাহ?

Kirron Kher's Birthday: বিবাহিত হোৱাৰ পিছতো অনুপম খেৰৰ প্ৰেমত পৰিছিল অভিনেত্ৰী কিৰণ খেৰ, কেনেদৰে হৈছিল বিবাহ?

কিৰণ খেৰ বুলি ক'লেই মনলৈ আহে গালত ডিম্পল থকা সেই মোহময়ী মুখখন, ৬৯ বছৰ বয়সতো আজিও ম্লান পৰা নাই তেওঁৰ অভিনয় দক্ষতা কিম্বা সৌন্দৰ্য।

কিৰণ খেৰ বুলি ক'লেই মনলৈ আহে গালত ডিম্পল থকা সেই মোহময়ী মুখখন, ৬৯ বছৰ বয়সতো আজিও ম্লান পৰা নাই তেওঁৰ অভিনয় দক্ষতা কিম্বা সৌন্দৰ্য।

কিৰণ খেৰ বুলি ক'লেই মনলৈ আহে গালত ডিম্পল থকা সেই মোহময়ী মুখখন, ৬৯ বছৰ বয়সতো আজিও ম্লান পৰা নাই তেওঁৰ অভিনয় দক্ষতা কিম্বা সৌন্দৰ্য।

  • Share this:

এগৰাকী ছবি অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ কিৰণ খেৰৰ বিষয়ে সকলো অৱগত । আনকি ৬৯ বছৰ বয়সতো আজিও ম্লান পৰা তেওঁৰ অভিনয় দক্ষতা কিম্বা সৌন্দৰ্য । কিৰণ খেৰ বুলি ক'লেই মনলৈ আহে গালত ডিম্পল থকা সেই মোহময়ী মুখখন আৰু কাঞ্জীবৰাম শাৰীৰ সৈতে মিলাই পিন্ধাই গহনাবোৰৰ কথা । আজি এই অভিনেত্ৰীগৰাকীৰ ওপজা দিন । ৬৯ বছৰত ভৰি দিলে কিৰণ খেৰে । ওপজা দিনত জানো আহক কিৰণ খেৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু কথা ।


জীৱন পৰিচয় -


কিৰণ খেৰে ১৯৫২ চনৰ ১৪ জুনত পঞ্জাৱৰ চণ্ডিগড়ত এটা শিখ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। কিৰণে চণ্ডিগড়ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰি পিছত তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ভাৰতীয় থিয়েটাৰ বিভাগৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । তেওঁৰ দুগৰাকী ভগ্নী আৰু ভাতৃ আছিল। তেওঁৰ ভাতৃ অমৰদীপৰ ২০০৩ চনত এটা দুৰ্ঘটনাত মৃত্যু হৈছিল। তেওঁৰ ভগ্নী হৈছে কানৱাল ঠাক্কৰ কৌৰ, যি এগৰাকী অৰ্জুন বঁটা বিজয়ী বেডমিণ্টন খেলুৱৈ। কিৰণ বৰ্তমান চণ্ডিগড় সংসদীয় সমষ্টিৰ বিজেপি সাংসদ।


ফিল্মী কেৰিয়াৰ -


কিৰণ খেৰৰ কেৰিয়াৰ পাঞ্জাৱী ফিচাৰ ফিল্ম "আসৰা প্যাৰ দা"ৰ পৰা আৰম্ভ হৈছিল। ছবিখন ১৯৮৩ চনত মুক্তি লাভ কৰিছিল। তাৰ পিছত তেওঁ ১৯৯৬ চনত শ্যাম বেনেগালৰ চৰ্দাৰী বেগমত উপস্থিত হৈছিল। তেওঁক খুবচুৰত,দোস্তানা, ফানা, বীৰ-জাৰা, মে হুঁ না আৰু দেৱদাসৰ দৰে ছবিত দেখিবলৈ পোৱা গৈছিল । কিৰণে কেইবাটাও টিভি ৰিয়েলিটি শ্ব'ৰ বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰিছিল।


ব্যক্তিগত জীৱন -


কিৰণ কাপুৰে প্ৰথমে ব্যৱসায়ী গৌতম বেৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । কিন্তু তেওঁলোকৰ বিবাহ মাত্ৰ কেইবছৰমানহে চলিছিল আৰু দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল। গৌতমৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত কিৰণে সহতাৰকা অনুপম খেৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। কিৰণৰ চিকন্দৰ খেৰ নামৰ এগৰাকী পুত্ৰ সন্তানো আছে।


কিৰণ খেৰৰ প্ৰেমকাহিনী -


প্ৰতিবেদন অনুসৰি, কিৰণ খেৰে ১৯৭৪ চনত ভাৰতীয় থিয়েটাৰ বিভাগত অনুপম খেৰক লগ কৰিছিল। কিন্তু ইয়াৰ পৰা দুয়োৰে পথ কিছু সময়ৰ বাবে পৃথক হৈ গৈছিল। কিৰণ খেৰে বিবাহ পাশত আৱদ্ধ হয় আৰু অনুপম খেৰে নেচনেল স্কুল অৱ ড্ৰামাত যোগদান কৰে। কিন্তু সময়ৰ পাাকচক্ৰই দুয়োকে পুনৰ মুখামুখি কৰিছিল । কিৰণ খেৰে ১৯৮৫ চনত পূৰ্বৰ স্বামীক বিবাহ বিচ্ছেদ দিয়ে আৰু অনুপম খেৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় । কিছুমান সংবাদ মাধ্যমৰ তথ্য অনুসৰি কিৰণে তেওঁৰ প্ৰথম স্বামী গৌতম বেৰীৰ সৈতে বিবাহিত জীৱন যাপন কৰি থাকোঁতেই অনুপম খেৰৰ প্ৰেমত পৰিছিল আৰু ইয়াৰ বাবেই কিৰণ খেৰে তেওঁৰ প্ৰথম স্বামী গৌতম বেৰীক বিবাহ বিচ্ছেদ দিছিল ।

Published by:Gautam Barman
First published: