৪০০০ কোটিটকীয়া কোম্পানীৰ মালিকে কৰ্মচাৰীৰ সৈতে ‘মুকাবলা’ গীতত কৰিলে নৃত্য, ভিডিঅ’ ভাইৰেল

News18 Assam | News18-Assam
Updated:February 19, 2020, 6:17 PM IST
৪০০০ কোটিটকীয়া কোম্পানীৰ মালিকে কৰ্মচাৰীৰ সৈতে ‘মুকাবলা’ গীতত কৰিলে নৃত্য, ভিডিঅ’ ভাইৰেল
অফিছৰ কৰ্মচাৰীৰ সৈতে নৃত্য কৰিলে ‘Welspun India Ltd’ৰ CEO দীপালী গোৱেংকাই। এতিয়া ছচিয়েল মিডিয়াত হ’ল ভাইৰেল

অফিছৰ কৰ্মচাৰীৰ সৈতে নৃত্য কৰিলে ‘Welspun India Ltd’ৰ CEO দীপালী গোৱেংকাই। এতিয়া ছচিয়েল মিডিয়াত হ’ল ভাইৰেল

  • Share this:
অফিছৰ কৰ্মচাৰীৰ সৈতে কাৰ্যালয়তে নৃত্য কৰিলে CEOএ। প্ৰায় ৪০০০ কোটি টকাৰ ‘Welspun India Ltd’ নামৰ প্ৰতিষ্ঠানটোৰ CEO দীপালী গোৱেংকাই কৰ্মচাৰীৰ সৈতে ‘মুকাবাল’ গীতত কৰা নৃত্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। CEOই নৃত্য কৰা দেখি কৰ্মৰত অৱস্থাত থকা কৰ্মচাৰীসকলেও সহযোগ কৰা দেখিবলৈ পোৱা গ’ল।

আনকি ভিডিঅ’ শ্বেয়াৰ কৰা কৰ্মচাৰীজনকো ধন্যবাদ জনাই দীপালী গোৱেংকাই কয় যে, ‘শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ হৰ্ষ গোৱেংকা’। কাৰ্যালয়ত এনেদৰে কৰ্মচাৰীৰ সৈতে নৃত্য কৰা CEO ক বহুতে এতিয়া প্ৰশংসা কৰিছে ছচিয়েল মিডিয়াত। একাংশই দীপালী গোৱেংকাৰ প্ৰতিষ্ঠানত কাম কৰা সকলক সৌভাগ্যবান বুলি কোৱাৰ লগতে নিজৰ কৰ্মক্ষেত্ৰৰ মুৰব্বীও তেওঁৰ দৰে পাব বিচাৰে বুলি মন্তব্য কৰিছে বহুতে।

চাওক ভিডিঅ’


আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading