আৰ এন ৰবিৰ আচৰণক অভব্য আখ্যাৰে কঠোৰ সমালোচনা NSCN-IMৰ!

সংগঠনৰ মাহেকীয়া মুখপত্ৰ “নাগালিম-ভয়চ”ৰ সম্পাদকীয়ত সংগঠনটোৱে ৰবিৰ আচৰণক অভব্য আখ্যা দিছে ৷

News18-Assam
Updated:August 4, 2019, 8:38 PM IST
আৰ এন ৰবিৰ আচৰণক অভব্য আখ্যাৰে কঠোৰ সমালোচনা NSCN-IMৰ!
সংগঠনৰ মাহেকীয়া মুখপত্ৰ “নাগালিম-ভয়চ”ৰ সম্পাদকীয়ত সংগঠনটোৱে ৰবিৰ আচৰণক অভব্য আখ্যা দিছে ৷
News18-Assam
Updated: August 4, 2019, 8:38 PM IST
বিজু কুমাৰ ডেকা: শেহতীয়া আলোচনাৰ মেজত NSCN(IM)ৰ মুখ্য মধ্যস্থতাকাৰী থুইংগালেং মুইভাক “বছ”ৰ দৰে আচৰণ কৰিছে ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ৷ এই বিষয়ক লৈ এতিয়া ভীষণভাৱে ক্ষুব্ধ নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠনটো ৷

ৰবিৰ আচৰণ-ব্যৱহাৰক লৈ ক্ষুন্ন NSCN(IM)-এ সেয়ে মুকলিকৈ সমালোচনা কৰিছে ৷ সংগঠনৰ মাহেকীয়া মুখপত্ৰ “নাগালিম-ভয়চ”ৰ সম্পাদকীয়ত সংগঠনটোৱে ৰবিৰ আচৰণক অভব্য আখ্যা দিছে ৷

নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে কৰা আচৰণ-ব্যৱহাৰত ক্ষুন্ন NSCN(IM)-এ অসহ্যকৰ বুলি ঘোষণা কৰিছে ৷ নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত আলোচনাৰ মধ্যস্থতাকাৰী ৰবিৰে হোৱা প্ৰথমখন আলোচনা অনুষ্ঠিত হয় জুলাই মাহত ৷ এই আলোচনাত ৰবিৰ আচৰণত হতভম্ব হ'বলগীয়া হয় NSCN(IM)ৰ মুখ্য মধ্যস্থতাকাৰী তথা সাধাৰণ সম্পাদক থুইংগালেং মুইভা ৷

দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ শক্তিশালী বিদ্ৰোহী সংগঠন NSCN(IM)ৰ দাবী “বছ”ৰ দৰে আচৰণ অসহ্যকৰ আৰু
“এনে আচৰণ মানি লোৱা নহ'ব” ৷

২০১৪ চনৰ পৰা NSCN(IM)ৰে ভাৰত চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে কাৰ্য নিৰ্বাহ কৰি অহা ৰবিক এনেদৰে প্ৰথমবাৰৰ বাবে সংগঠনটোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ ইয়াৰ আগলৈ ৰবিক প্ৰশংসাই কৰি আহিছিল NSCN(IM)-এ ৷ কিয়নো ৰবিৰ মধ্যস্থতাতেই ২০১৫ৰ ৩ আগষ্টত স্বাক্ষৰিত হৈছিল ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিগেট ৷ উল্লেখযোগ্য যে বিগত এক আগষ্টত নাগালেণ্ডৰ কুৰিতম ৰাজ্যপাল হিচাপে দায়িত্ব লৈছে আৰ এন ৰবিয়ে ৷ দায়িত্ব লৈয়ে ৰবিয়ে কৈছিল: “প্ৰধানমন্ত্ৰী মোডীয়ে আন্তৰিকতাৰে বিচাৰিছে নগা ৰাজনৈতিক সমস্যাৰ সমাধান ৷” প্ৰধানমন্ত্ৰীৰ আগ্ৰহক সন্মান জনাই ৰবিয়ে নগা ৰাজনৈতিক সমস্যাক সমাধান কৰিবলৈ একাগ্ৰতাৰে কাম কৰি যাব বুলি ঘোষণা কৰিছিল ৷ কিন্তু ৰবিৰ এই ঘোষণা আৰু এতিয়া NSCN(IM)ৰ শেহতীয়া ক্ষোভ প্ৰকাশৰ ঘটনাই চলি থকা আলোচনা প্ৰক্ৰিয়াত কিছু পৰিমাণে হ'লেও যে ব্যাঘাত জন্মাব, সেয়া নিশ্চিত ৷
আৰু চাওক পৰৱৰ্তী বাতৰি