ৰাণু মণ্ডলক ছবিত গীত গোৱাবলৈ এতিয়া বলীউডত হেতা ওপৰা

বলীউডত এতিয়া সৰ্বাধিক চৰ্চিত নাম ৰাণু মণ্ডল। ৰাণু মণ্ডলক ছবিত গীত গোৱাবলৈ এতিয়া বলীউডত লাগিছে হেতা ওপৰা

News18-Assam
Updated:September 29, 2019, 9:16 PM IST
ৰাণু মণ্ডলক ছবিত গীত গোৱাবলৈ এতিয়া বলীউডত হেতা ওপৰা
বলীউডত এতিয়া সৰ্বাধিক চৰ্চিত নাম ৰাণু মণ্ডল। ৰাণু মণ্ডলক ছবিত গীত গোৱাবলৈ এতিয়া বলীউডত লাগিছে হেতা ওপৰা
News18-Assam
Updated: September 29, 2019, 9:16 PM IST
বলীউডত এতিয়া সৰ্বাধিক চৰ্চিত নাম ৰাণু মণ্ডল। ৰাণু মণ্ডলক ছবিত গীত গোৱাবলৈ এতিয়া বলীউডত লাগিছে হেতা ওপৰা। বলীউডৰ ইজনৰ পিছত সিজন বিশিষ্ট কণ্ঠশিল্পীয়ে এতিয়া ৰাণুৰ সৈতে গীত গাবলৈ আশা প্ৰকাশ কৰিছে। হিমেশ ৰেশামিয়াই বলীউদত প্ৰৱেশ কৰোৱা ৰাণু মণ্ডলে বলীউদৰ চিনেমাৰ বাবে ইতিমধ্যে গাইছে তিনিটা গান। হিমেশ ৰেশামিয়াই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা উক্ত তিনিওটা গানে ব্যাপক সঁহাৰি লাভ কৰিছে।শেহতীয়াকৈ ৰাণু মণ্ডলে হিমেশৰ লগতে আন এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পীৰ সৈতে ৰেকৰ্ডিং কৰিছে এটা গীত। জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণৰ সৈতে এইবাৰ এটা গীতত কণ্ঠ নিগৰাইছে ৰাণু মণ্ডলে।

ছচিয়েল মিডিয়াৰ জৰিয়তে নিশাটোৰ ভিতৰতে তাৰকাত পৰিণত হোৱা ৰাণু মণ্ডলে এতিয়া এটাৰ পিছত আনটো গীতত কণ্ঠদান কৰিছে। ইয়াৰ পূৰ্বে কুমাৰ ছানুৱেও ইচ্ছা প্ৰকাশ কৰিছিল ৰাণু মণ্ডলৰ সৈতে গীত গাবলৈ।

সেইদৰে বলীউডৰ বহুকেইজন চলচিত্ৰ নিৰ্মাতায়ো ৰাণু মণ্ডলক নিজৰ ছবিত গীত গোৱাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। শেহতীয়াকৈ হিমেশ ৰেশামিয়াই ইনষ্টাগ্ৰাম একাউণ্টত আৰু এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি