বিদেশৰ পদপথত কাপোৰ বিক্ৰী কৰা কোন এইগৰাকী বলীউদৰ অভিনেত্ৰী?

ইণ্টাৰনেটত ভাইৰেল হোৱা এই ভিডিঅ’টোত সেউজীয়া ৰঙৰ পোছাক বিক্ৰী কৰি থকা দেখা গৈছে নৰাক।

news18assam
Updated:June 11, 2019, 1:50 PM IST
বিদেশৰ পদপথত কাপোৰ বিক্ৰী কৰা কোন এইগৰাকী বলীউদৰ অভিনেত্ৰী?
ইণ্টাৰনেটত ভাইৰেল হোৱা এই ভিডিঅ’টোত সেউজীয়া ৰঙৰ পোছাক বিক্ৰী কৰি থকা দেখা গৈছে নৰাক।
news18assam
Updated: June 11, 2019, 1:50 PM IST
গ্লেমাৰ ইণ্ডাষ্ট্ৰীৰ ডান্সিং ড’ল নৰা ফতেহীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে। এই ভিডিঅ’টোত নৰাক বেংককৰ এখন স্থানীয় বজাৰত কাপোৰ বিক্ৰী কৰি থকা দেখা গৈছে। বজাৰলৈ ফুৰিবলৈ যোৱা নৰাই হঠাৎ এখন দোকানত বহি কাপোৰ বিক্ৰী কৰা আৰম্ভ কৰি দিয়ে। ইমানেই নহয়, নৰাই স্থানীয় ভাষাত গ্ৰাহক মাতিবলৈ আৰম্ভ কৰে। ইণ্টাৰনেটত ভাইৰেল হোৱা এই ভিডিঅ’টোত সেউজীয়া ৰঙৰ পোছাক বিক্ৰী কৰি থকা দেখা গৈছে নৰাক।

শেহতীয়াকৈ ছলমান খানৰ ছবি ‘ভাৰত’ত দেখা গৈছিল নৰা ফতেহীক। ইয়াৰ পিছত বৰুণ ধৱনৰ সৈতে ‘ষ্ট্ৰীট ডান্সাৰ’ ছবিত দেখা যাব অভিনেত্ৰীগৰাকীক। কিছুদিন পূৰ্বে ডুবাইত ‘ষ্ট্ৰীট ডান্সাৰ’ৰ শ্বুটিং সম্পন্ন হৈছে। ২০২০ চনৰ ২৪ জানুৱাৰীত মুক্তি পাব এই ছবিখন। কেইবাখনো ছবিৰ আইটেম ছঙেৰে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে নৰাই।

 



আৰু চাওক পৰৱৰ্তী বাতৰি