এন কে প্ৰডাকচনৰ নৱতম সংযোজন NK Big Star Pvt Ltd মোবাইল এপটো দেওবাৰে মুকলি হ’ল। গুৱাহাটীৰ কাহিলীপাৰাৰ এন কে হোটেলত অসমীয়া মনোৰঞ্জনেৰে ভৰপূৰ মোবাইল এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে। এই নতুন এপটোৰ যোগেৰে দুশৰো অধিক অসমীয়া চিনেমা, অডিঅ’–ভিডিঅ গীতৰ লগতে ভিন্নধৰ্মী ৱেব ছিৰিজ উপভোগ কৰিব পাৰিব। এপটো মুকলি কৰি জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰন হ’ল মন্তব্য কৰে।
এই মোবাইল এপটোতে উপলদ্ধ হ’ব জানমণি ২০২০ অসমীয়া চলচ্চিত্ৰ আৰু জানমণি ৱেব ছিৰিজ। মহামাৰী কৰোমা ভাইৰাছৰ সময়ত স্কুল–কলেজৰ লগতে ছবিগৃহসমূহো বন্ধহৈ আছে। তেনে এক জটিল সময়ত এন কে প্ৰডাকচনে এই ভাল খবৰটো কঢ়িয়াই লৈ অহাত সন্তোষ প্ৰকাশ কৰে সকলোৱে।
উল্লেখযোগ্য যে চিনেমা হল বন্ধ থকাৰ বাবেই ২৬খনকৈ অসমীয়া চিনেমাই মুক্তিৰ ক্ষণ গনি আছে। দেওবাৰৰ এপ মুকলি অনুষ্ঠানত জুবিন গাৰ্গৰ উপৰি এন কে বিগ ষ্টাৰৰ স্বত্বাধিকাৰী দেৱ বৰকটকীও উপস্থিত আছিল।