প্ৰিয়ংকাৰ জন্মদিনত নিকে দিলে ৩.৫ লাখ টকীয়া কেক

নিকে প্ৰিয়ংকাৰ পোছাকৰ সৈতে মিলা ৰঙা আৰু সোণালী ৰঙৰ কেক বিচাৰিছিল।

News18-Assam
Updated:July 31, 2019, 7:42 AM IST
প্ৰিয়ংকাৰ জন্মদিনত নিকে দিলে ৩.৫ লাখ টকীয়া কেক
নিকে প্ৰিয়ংকাৰ পোছাকৰ সৈতে মিলা ৰঙা আৰু সোণালী ৰঙৰ কেক বিচাৰিছিল।
News18-Assam
Updated: July 31, 2019, 7:42 AM IST
শেহতীয়াকৈ বলীউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ভৰি দিলে ৩৭ বছৰত। ১৮ জুলাইত প্ৰিয়ংকাই গৰকিলে ৩৭টা বসন্ত। জন্মদিনত ৰেড মিনি পোছাকত অতি আকৰ্ষণীয় ৰূপত দেখা গ’ল ‘দেশী গাৰ্ল’ প্ৰিয়ংকাক। জন্মদিনত স্বামীক জোনাছে প্ৰিয়ংকাক উপহাৰ দিয়া কেকটো আছিল এক আকৰ্ষণ। নিকে প্ৰিয়ংকাক উপহাৰ হিচাপে দিলে এটা ৩.৫ লাখ টকীয়া কেক।

সূত্ৰ অনুসৰি, প্ৰিয়ংকাৰ জন্মদিনত নিকে কেকৰ নামত খৰচ কৰে ৩ লাখ ৪৫ হাজাৰ টকা। কেক আৰ্টিষ্টে কয় যে নিকে প্ৰিয়ংকাৰ পোছাকৰ সৈতে মিলা ৰঙা আৰু সোণালী ৰঙৰ কেক বিচাৰিছিল। কেকটো প্ৰস্তুত কৰিবলৈ ২৪ ঘণ্টা সময় লৈছিল কেক আৰ্টিষ্টে।




 





View this post on Instagram




 

@priyankachopra Birthday cake all with edible 24K details #divinedelicaciescakes @nickjonas #priyankachopra #nickjonas


A post shared by divinedelicaciescakes (@divinedelicaciescakes) on




বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে মিয়ামিত প্ৰিয়ংকাই উদযাপন কৰে নিজৰ ওপজা দিন। প্ৰিয়ংকাৰ জন্মদিনৰ ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। পিছত প্ৰিয়ংকায়ো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে জন্মদিন উদযাপনৰ ফটো।



 




View this post on Instagram




 

My 💓


A post shared by Priyanka Chopra Jonas (@priyankachopra) on




আৰু চাওক পৰৱৰ্তী বাতৰি