কেতিয়া আহিব ছলমান খানৰ Dabang 3, পোষ্টাৰৰ সৈতে ঘোষণা কৰিলে ছলমানে

এইবাৰ ডাবাং ৩ ছবিখন পৰিচালনা কৰিছে প্ৰভুদেৱাই। সেয়েহে ছবিখনক লৈ যথেষ্ট উৎকণ্ঠিত অনুৰাগীসকল।

News18-Assam
Updated:October 21, 2019, 12:51 PM IST
কেতিয়া আহিব ছলমান খানৰ Dabang 3, পোষ্টাৰৰ সৈতে ঘোষণা কৰিলে ছলমানে
এইবাৰ ডাবাং ৩ ছবিখন পৰিচালনা কৰিছে প্ৰভুদেৱাই। সেয়েহে ছবিখনক লৈ যথেষ্ট উৎকণ্ঠিত অনুৰাগীসকল।
News18-Assam
Updated: October 21, 2019, 12:51 PM IST
আহি আছে ছলমান খানৰ ডাবাং ৩। বৰদিনত ছবিগৃহলৈ আহিব বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ ডাবাং ৩। ইতিমধ্যে মুকলি কৰা হৈছে ছবিখনৰ পোষ্টাৰ।

বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানে ডাবাং ৩ৰ সৈতে অনুৰাগীক দিলে ছাৰপ্ৰাইজ। ছবিখনৰ নতুন পোষ্টাৰৰ সৈতে ছলমান খানে ঘোষণা কৰিলে যে ২০ ডিচেম্বৰত তেওঁ আহি আছে আৰু খ্ৰীষ্টমাছত সকলোৰে সৈতে মিলি ‘ধামাকা’ কৰিব। লগতে ছলমান খানে অক্ষয় কুমাৰকো মুকলি প্ৰত্যাহ্বান জনায়।

আচলতে খ্ৰীষ্টমাছত আহি আছে অক্ষয় কুমাৰৰ ছবি গুড নিউজ। এতিয়া যদি একে সময়তে ছলমান খানৰ ডাবাং ৩ মুক্তিলাভ কৰে তেন্তে ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব অক্ষয় কুমাৰৰ গুড নিউজৰ ওপৰত। এইবাৰ ডাবাং ৩ ছবিখন পৰিচালনা কৰিছে প্ৰভুদেৱাই। সেয়েহে ছবিখনক লৈ যথেষ্ট উৎকণ্ঠিত অনুৰাগীসকল।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি