‘ৰাইনো এক্সপ্ৰেছ’ত উঠি ক’লৈ গৈছে অভিনেত্ৰী অমৃতা গগৈ? লগত আছে ‘কে কে চাৰ’

News18 Assam | News18-Assam
Updated:March 8, 2020, 12:30 PM IST
‘ৰাইনো এক্সপ্ৰেছ’ত উঠি ক’লৈ গৈছে অভিনেত্ৰী অমৃতা গগৈ? লগত আছে ‘কে কে চাৰ’
এইবাৰ একেলগে অমৃতা গগৈ আৰু সিদ্ধাৰ্থ শৰ্মা

এইবাৰ একেলগে অমৃতা গগৈ আৰু সিদ্ধাৰ্থ শৰ্মা

  • Share this:
‘ৰাইনো এক্সপ্ৰেছ’! ৰাইনো এক্সপ্ৰেছত উঠি এইবাৰ একেলগে যাত্ৰা আৰম্ভ কৰিব অমৃতা গগৈ আৰু ‘কে কে চাৰ’ হিচাপে জনাজাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা। কিন্তু দুয়োগৰাকী অভিনেতা–অভিনেত্ৰী ক’লৈ যাব? অহা ৫ জুনত চলিব ৰাইনো এক্সপ্ৰেছ।



আচলতে ৰাইনো এক্সপ্ৰেছ এখন আহিবলগীয়া অসমীয়া ছবিৰ নাম। অহা ৫ জুনত মুক্তিলাভ কৰিব ছবিখনে। ইতিমধ্যে ছবিখনত এটা গীতৰ ভিডিঅ’ মুকলি কৰা হৈছে। মনি সিনহাৰ পৰিচালিত ছবিখনত অমৃতা গগৈ, সিদ্ধাৰ্থ শৰ্মাৰ উপৰিও অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা বিবেক বৰা আৰু উদয়ন দুৱৰাই।

চাওক ছবিখনৰ এটি গীতৰ ভিডিঅ’

Published by: Himangshu Bhuyan
First published: March 8, 2020, 12:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি