আজি মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ বহু প্ৰতীক্ষিত ছবি ‘কাঞ্চনজংঘা’

‘মিছন চাইনা’ৰ দৰেই ‘কাঞ্চনজংঘা’ৰ প্ৰতিও ৰাইজে জনাইছে বিপুল সঁহাৰি।

News18-Assam
Updated:September 6, 2019, 7:42 AM IST
আজি মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ বহু প্ৰতীক্ষিত ছবি ‘কাঞ্চনজংঘা’
‘মিছন চাইনা’ৰ দৰেই ‘কাঞ্চনজংঘা’ৰ প্ৰতিও ৰাইজে জনাইছে বিপুল সঁহাৰি।
News18-Assam
Updated: September 6, 2019, 7:42 AM IST
আজি ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ বহু প্ৰতীক্ষিত ছবি ‘কাঞ্চনজংঘা’। অসমৰ উপৰি দিল্লী, মুম্বাই, কলকাতাকে ধৰি দেশৰ আন বহুকেইখন ৰাজ্যতো মুক্তি লাভ কৰিব জুবিনৰ বহুদিনীয়া সপোনৰ ফচল ‘কাঞ্চনজংঘা’।

‘মিছন চাইনা’ৰ দৰেই ‘কাঞ্চনজংঘা’ৰ প্ৰচাৰতো জুবিনে কোনো ত্ৰুটি ৰখা নাই। বিগত কিছুদিন ধৰি দিন–ৰাতি একাকাৰ কৰি ছবিখনৰ প্ৰমোচনত ব্যস্ত আছিল জুবিন। উজনিৰ পৰা নামিনলৈ টীম কাঞ্চনজংঘাই চলাইছিল প্ৰচাৰ।

‘মিছন চাইনা’ৰ দৰেই ‘কাঞ্চনজংঘা’ৰ প্ৰতিও ৰাইজে জনাইছে বিপুল সঁহাৰি। ৰাজ্যৰ প্ৰায়সমূহ ছবিগৃহত প্ৰথম দিনাৰ প্ৰথম শ্ব’ৰ বাবে ইতিমধ্যে শেষ হৈছে টিকট। টিকট বিচাৰি ছবিগৃহলৈ গৈ বিমুখ হ’বলগীয়া হৈছে বহু দৰ্শক।



ছবিখনক লৈ যথেষ্ট আশাবাদী জুবিন। জুবিন আশা কৰিছে, অসমবাসীয়ে আদৰি ল’ব ‘কাঞ্চনজংঘা’ক। ছবিখনে মিছন চাইনাৰ বক্স অফিচ ৰেকৰ্ড ভংগ কৰিব বুলি এতিয়া অনুমান কৰিছে অসমৰ চলচিত্ৰ প্ৰেমীসকলে। উল্লেখ্য যে মিছন চাইনাই  মুক্তিৰ প্ৰথম দিনা প্ৰায় ৪০ লাখ টকাৰ ব্যৱসায় কৰিছিল।

আমাৰ তৰফৰ পৰাও ‘কাঞ্চনজংঘা’লৈ থাকিল অলেখ শুভেচ্ছা।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি