বক্স অফিছত খলকনি তুলিবলৈ সাজু জুবিন–যতীন–ৰবি!

বৰনদী ভটিয়াই ছবিয়ে কঢ়িয়াই আনিছে অসমীয়া ছবিলৈ আশাৰ বতৰা!

news18assam
Updated:June 14, 2019, 11:13 AM IST
বক্স অফিছত খলকনি তুলিবলৈ সাজু জুবিন–যতীন–ৰবি!
বৰনদী ভটিয়াই ছবিয়ে কঢ়িয়াই আনিছে অসমীয়া ছবিলৈ আশাৰ বতৰা!
news18assam
Updated: June 14, 2019, 11:13 AM IST
ক্ৰমাৎ সুস্থিৰ হোৱাৰ দিশে গতি কৰিছে অসমীয়া ছবি উদ্যোগে। যেন আকৌ এবাৰ ঘূৰি অহাৰ উপক্ৰম হৈছে অসমীয়া চলচিত্ৰ উদ্যোগৰ সোনালী সুদিন। ভাল ছবিৰ যে দৰ্শক এতিয়াও তাৰ এক উদাহৰণ হ’ল বৰনদী ভটিয়ায়, এমাহতকৈও বেছি দিন সগৌৰৱেৰে চলিল নতুন অসমীয়া ছবি বৰনদী ভটিয়ায়। অনুপম কৌশিকৰ পৰিচালিত ছবিখনে দৰ্শকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰাৰ পিছত এতিয়া আকৌ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে বহুতো নবীন প্ৰবীন পৰিচালক, প্ৰযোজক।



সেইসময়তে আকৌ এবাৰ ছবিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত স্থান ল’ব বিচাৰিছে অভিনেতা যতীন বৰাই। ৰত্নাকৰ ছবিৰে আকৌ এবাৰ নতুন ৰূপত ৰূপালী পৰ্দাত ভুমুকি মাৰিব অভিনেতা জনে। ইতিমধ্যে ৰত্নাকৰ ছবিখনৰ টীজাৰ আৰু গীত সমূহে লাভ কৰিছে আশাপ্ৰদ সঁহাৰি।



যতীন বৰাও এতিয়া আশাবাদী নিজে পৰিচালনা কৰা বহু চৰ্চিত ছবিখনক লৈ। ছবিখনৰ টীজাৰত দেখা অত্যাধুনীক একচনৰ দৃশ্য আৰু বিভিন্ন মনোমোহা লোকেচনে এতিয়া ছবিখনৰ প্ৰতি উৎকণ্ঠা বৃদ্ধি কৰিছে দৰ্শকৰ। ছবিখনত যতীন বৰাৰ উপৰিও অভিনয় কৰিছে বৰষা ৰাণী বিষয়া, নিশিতা গোস্বামী, বিষ্ণু খাৰঘৰীয়াৰ দৰে অভিনেতা অভিনেত্ৰীয়ে।



তুমি আহিবানে ছবিৰ সফলতাৰ পিছত আকৌ এবাৰ ৰূপালী পৰ্দাত চমক দিবলৈ সাজু অভিনেতা ৰবি শৰ্মা। বহুদিনৰ বিৰতিৰ অন্তত ‘ৰঘূপতি’ নামৰ নিৰ্মীয়মান ছবিখনত দুৰ্দান্ত একচনৰ দৃশ্যত দেখা যাব অভিনেতা ৰবি শৰ্মাক। শুভ্ৰত কাকতিয়ে পৰিচালনা কৰা ছবিখনৰ কাহিনী অভিনেতা ৰবিৰ নিজৰ। ইতিমধ্যে মুকলি কৰা ছবিখনৰ অফিচিয়েল পষ্টাৰে ছবিখনৰ প্ৰতি উৎকণ্ঠা বঢ়াইছে দৰ্শকৰ মাজত। ৰঘূপতিত ৰবি শৰ্মাৰ উপৰিও অভিনয় কৰিছে অভিনেত্ৰী অমৃতা গগৈ, অৰুণ নাথৰ দৰে অভিনেতাই।



মিছন চাইনাৰ পিছত এইবাৰ কাঞ্চনজংঘা ছবিৰে বক্স অফিছত খলকনি তুলিবলৈ সাজু জুবিন গাৰ্গ। জুবিন গাৰ্গে নিজে পৰিচালনা কৰা ছবিখনৰ First Look মুক্তি দিয়াৰ পিছতে ছবিখনৰ প্ৰতি আকৰ্ষণ বাঢ়িছে জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত। প্ৰতিখন বিহু মঞ্চতে ছবিখনৰ জোৰদাৰ প্ৰচাৰো চলোৱা দেখা গল জুবিন গাৰ্গক।
আৰু চাওক পৰৱৰ্তী বাতৰি