একেলগে কঠোৰ অনুশীলনত ব্যস্ত যতীন–ৰবি! এইখন ছবিত একেলগে দেখা যাব দুই তাৰকাক

News18 Assam | News18-Assam
Updated:March 9, 2020, 3:53 PM IST
একেলগে কঠোৰ অনুশীলনত ব্যস্ত যতীন–ৰবি! এইখন ছবিত একেলগে দেখা যাব দুই তাৰকাক
শীঘ্ৰে ৰূপালী পৰ্দাত একেলগে দেখা যাব অসমীয়া ছবিৰ দুই তাৰকা যতীন বৰা আৰু ৰবি শৰ্মাক!

শীঘ্ৰে ৰূপালী পৰ্দাত একেলগে দেখা যাব অসমীয়া ছবিৰ দুই তাৰকা যতীন বৰা আৰু ৰবি শৰ্মাক!

  • Share this:
শীঘ্ৰে ৰূপালী পৰ্দাত একেলগে দেখা যাব অসমীয়া ছবিৰ দুই তাৰকা যতীন বৰা আৰু ৰবি শৰ্মাক! একেলগে এতিয়া শৰীৰ চৰ্চাত ব্যস্ত দুয়োগৰাকী অভিনেতা। ৰত্নাকৰৰ অপাৰ সফলতাৰ পিছত যতীন বৰাই এতিয়া নিজক সাজু কৰিছে অন্য এটা নতুন চৰিত্ৰৰ বাবে। আনহাতে ৰবি শৰ্মাইয়ো নিজৰ ছবি ‘ৰঘূপতি’ ৰ শ্বুটিং  শেষ কৰি নতুন ছবিৰ বাবে চলাইছে প্ৰস্তুতি।



জানিব পৰা মতে মানস বৰাৰ পৰিচালনাত বাৰুদ ২ নামৰ নতুন ছবিখনত একেলগে দেখা যাব যতীন–ৰবিক। ছবিখনত দুয়োগৰাকী অভিনেতাকে দেখা যাব ব্যতিক্ৰমী ৰূপত।



যতীন বৰা আৰু ৰবি শৰ্মাৰ একেলগে অভিনয় মানে ছবি হিট। ইতিমধ্যে নায়ক, হিয়া দিয়া নিয়াই দিছে তাৰ প্ৰমাণ।
Published by: Himangshu Bhuyan
First published: March 8, 2020, 5:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি