আজি মুক্তিলাভ কৰিব যতীন বৰাৰ ‘ৰত্নাকৰ’, ৰাজ্যৰ প্ৰায়বোৰ ছবিগৃহত হাউছফুল

News18-Assam
Updated:October 11, 2019, 7:28 AM IST
আজি মুক্তিলাভ কৰিব যতীন বৰাৰ ‘ৰত্নাকৰ’, ৰাজ্যৰ প্ৰায়বোৰ ছবিগৃহত হাউছফুল
জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘ৰত্নাকৰ’ ছবিখনক লৈ যথেষ্ট আশাবাদী যতীন বৰাৰ লগতে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামী।

জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘ৰত্নাকৰ’ ছবিখনক লৈ যথেষ্ট আশাবাদী যতীন বৰাৰ লগতে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামী।

  • Share this:
আজি ছবিগৃহলৈ আহিব বহু প্ৰতীক্ষিত যতীন বৰাৰ নতুন ছবি ‘ৰত্নাকৰ’। প্ৰায় এমাহ ধৰি টীম ৰত্নাকৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱাৰ অন্তত আহি পালেহি বহু প্ৰতীক্ষিত দিনটো। ইতিমধ্যে ৰাজ্যৰ সকলো চিত্ৰগৃহতে  প্ৰায় শেষ হৈছে ‘ৰত্নাকৰ’ৰ টিকট। অনলাইন বুকিঙৰ জৰিয়তে ইতিমধ্যে ‘ৰত্নাকৰ’ৰ প্ৰথমদিনাৰ টিকটৰ অগ্ৰিম বুকিং প্ৰায় শেষ হৈছে। মুক্তিৰ প্ৰথমদিনাই বক্স অফিছত ছবিখনে খলকনিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ প্ৰতিটো চিত্ৰগৃহৰ উপৰি ৰাজ্যৰ বাহিৰতো মুক্তিলাভ কৰিব ছবিখনে।

অভিনেতা যতীন বৰাৰ বহু কষ্টৰ ফচল ‘ৰত্নাকৰ’। প্ৰথমবাৰৰ বাবে ‘ৰত্নাকৰ’ৰ যোগেদি ছবি নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰিছে যতীন বৰাই। জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘ৰত্নাকৰ’ ছবিখনক লৈ যথেষ্ট আশাবাদী যতীন বৰাৰ লগতে অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামী।



জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ৰ দৰেই ‘ৰত্নাকৰ’ৰ প্ৰচাৰৰ সময়তো দেখা গৈছিল জনতাৰ ব্যাপক সঁহাৰি। মুক্তিৰ পূৰ্বে বৃহস্পতিবাৰে মহানগৰীৰ পি ভি আৰত অনুষ্ঠিত হয় ছবিখনৰ প্ৰমিয়াৰ শ্ব’।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি