உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘প্ৰতিঘাত’, অমৃতাৰ সৈতে বহি কি ক’লে জুবিনে?

    কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘প্ৰতিঘাত’, অমৃতাৰ সৈতে বহি কি ক’লে জুবিনে?

    ছবিখনৰ কাহিনীআৰু পৰিচালনা অচিন্ত্য শংকৰৰ। সংলাপ আৰু চিত্ৰনাট্য লিখিছে ৰাজদ্বীপে। জুবিন গাৰ্গে পৰিচালনা কৰিছে এটা গীত।

    ছবিখনৰ কাহিনীআৰু পৰিচালনা অচিন্ত্য শংকৰৰ। সংলাপ আৰু চিত্ৰনাট্য লিখিছে ৰাজদ্বীপে। জুবিন গাৰ্গে পৰিচালনা কৰিছে এটা গীত।

    ছবিখনৰ কাহিনীআৰু পৰিচালনা অচিন্ত্য শংকৰৰ। সংলাপ আৰু চিত্ৰনাট্য লিখিছে ৰাজদ্বীপে। জুবিন গাৰ্গে পৰিচালনা কৰিছে এটা গীত।

    • Share this:
    কাইলৈ মুক্তিলাভ কৰিব নতুন অসমীয়া ছবি ‘প্ৰতিঘাত’। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ আৰু দিগন্ত হাজৰিকাই। অনান্য চৰিত্ৰত অভিনয় কৰিছে শিশু শিল্পী আশ্ৰমিকা শইকীয়া, কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া, পদ্মৰাগ গোস্বামী, হিৰণ্য ডেকাৰ লগতে বহু ন–পুৰণি শিল্পীয়ে।

    ছবিখনৰ কাহিনীআৰু পৰিচালনা অচিন্ত্য শংকৰৰ। সংলাপ আৰু চিত্ৰনাট্য লিখিছে ৰাজদ্বীপে। জুবিন গাৰ্গে পৰিচালনা কৰিছে এটা গীত। কণ্ঠ নিগৰাইছে জুবিন গাৰ্গ, পাপন আৰু দীক্ষুৱে। ছবিখন সম্পাদনা কৰিছে ৰত্নাকৰ, কাঞ্চনজংঘা ছবি সম্পাদনা কৰা প্ৰীতম খাউণ্ডে।

    ‘প্ৰতিঘাত’ মুক্তিৰ পূৰ্বে জুবিন গাৰ্গে সকলোকে ছবিখন উপভোগ কৰিবলৈ আহ্বান জনায়। মুক্তিৰ আগদিনা অৰ্থাৎ আজি আছে প্ৰিমিয়াৰ শ্ব’। প্ৰিমিয়াৰ শ্ব’ মুকলি কৰিব জুবিন গাৰ্গে।

    আনহাতে, ছবিখনৰ নায়িকা অমৃতা গগৈয়ে কয় যে অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ পথটো জুবিন গাৰ্গে মুকলি কৰি দিলে। সেই পথেৰেই আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছো।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    Published by:Sanjay Kumar Das
    First published: