• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মাকৰ দৰে স্বামী ৰোহনক আদৰ কৰিছে নেহা কক্কৰে! ধুমুহাৰ গতিত ভাইৰেল ভিডিঅ’

মাকৰ দৰে স্বামী ৰোহনক আদৰ কৰিছে নেহা কক্কৰে! ধুমুহাৰ গতিত ভাইৰেল ভিডিঅ’

বিশেষ ৰূপত নেহা কক্কৰ!

বিশেষ ৰূপত নেহা কক্কৰ!

বিশেষ ৰূপত নেহা কক্কৰ!

  • Share this:
নেহা কক্কৰ! বলীউদৰ জনপ্ৰিয় গায়িকা। বহুতে ড্ৰামা কুইন বুলিও অভিহিত কৰিব বিচাৰে নেহা কক্কৰক। নিজৰ বিয়াকলৈও ড্ৰামা কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে। কিছুদিন পূৰ্বে পঞ্জাৱৰ গায়ক ৰোহনপ্ৰীত সিঙৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল নেহা।

বিয়াৰ দুমাহ পিছতে ছচিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰিছিল নেহা কক্কৰে। আৰু মুহূৰ্তৰ ভিতৰতে নেহা কক্কৰ গৰ্ভৱতী বুলি সৰ্বত্ৰ প্ৰচাৰ চলিছিল। কিন্তু সেয়াও আছিল এটা মিউজিক ভিডিঅ’ৰ প্ৰম’চনেল ষ্ট্ৰেটেজি।




সম্প্ৰতি নেহা আৰু ৰোহানৰ নতুন এলবাম ‘খেয়াল ৰকখা কৰ’ আদৰিছে সকলোৱে। গীতটোৰ মাধ্যমেৰে দুয়োৰে জীৱন যাত্ৰা দেখুওৱা হৈছে। ‘ সৰু কালৰ স্কুলীয়া প্ৰেম, প্ৰাপ্তবয়স্ক হোৱাৰ পিছত বিয়া। জীৱনৰ প্ৰতিটো পল সুখেৰে অতিবাহিত কৰে দুয়ো। কিন্তু সেইসময়তে হঠাত্‍ এক দুৰ্ঘটনাৰ মৃত্যু হয় স্বামীৰ। সেই সময়ত অন্ত সত্ত্বা আছিল নেহা। ইয়াৰ পিছতে আহে বৃদ্ধ অৱস্থা। পুত্ৰক অকলেই ডাঙৰ কৰি তুলিছে মাতৃয়ে। পুত্ৰও দেখিবলৈ একেবাৰে দেউতাকৰ দৰেই। বাকী জীৱনটো পুত্ৰৰ সৈতেই কটাই মাতৃয়ে।’- এয়াই হ’ল গীতটোৰ মাজৰ কাহিনী।

নেহা কক্কৰে শ্বেয়াৰ কৰা ভিডিঅ’টোৱে এতিয়া বহুতৰে মন জয় কৰিছে। গীত গাইছে নেহাই- ‘তু অপনা খেয়াল ৰখকা কৰ’? এই ভিডিঅ’টোও নতুন এলমাবটোৰে। ভিডিঅ’টো হৈছে আকৰ্ষণীয়। এখন হোটেলত শ্বুট কৰা হৈছিল ভিডিঅ’টো।
Published by:Himangshu Bhuyan
First published: