উদিত নাৰায়ণৰ বোৱাৰী হ’ব নেকি নেহা কক্কৰ? ইণ্ডিয়ান আইডলৰ মঞ্চত নেহাক বিয়াৰ প্ৰস্তাৱ!

News18 Assam | News18-Assam
Updated:January 9, 2020, 11:22 AM IST
উদিত নাৰায়ণৰ বোৱাৰী হ’ব নেকি নেহা কক্কৰ? ইণ্ডিয়ান আইডলৰ মঞ্চত নেহাক বিয়াৰ প্ৰস্তাৱ!
Photo : cinestaan.com

নেহা কক্কৰৰ বিয়াক লৈ বহু সময়ত বিভিন্ন খবৰ আহি থাকে। কিন্তু ইণ্ডিয়ান আইডলৰ মঞ্চত যি দৃশ্য দেখা যাব, সেয়া দেখি আপুনিও আচৰিত হ’ব।

  • Share this:
বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ বৰ্তমান ইণ্ডিয়ান আইডল ছিজন ১১ত ব্যস্ত আছে। জনপ্ৰিয় ৰিয়েলিটী শ্ব’টোৰ বিচাৰক নেহা। এই শ্ব’ত প্ৰায়ে চৰ্চাত থাকে নেহা কক্কৰ। কেতিয়াবা যদি প্ৰতিযোগীৰ কাহিনী শুনি কান্দিছে, কেতিয়াবা আকৌ প্ৰতিভাত সন্তুষ্ট হৈ নিজেই পুৰস্কাৰ দিছে। তাৰ মাজতে নেহাৰ অনুৰাগীসকলৰ বাবে এটা বিশেষ খবৰ। ইণ্ডিয়ান আইডলৰ ছেটত চলিল নেহাৰ বিয়াৰ প্ৰস্তুতি! ল’ৰাৰ পৰিয়ালে মুকলিকৈ নেহাক দিলে বোৱাৰী হোৱাৰ প্ৰস্তাৱ।

আচলতে, নেহা কক্কৰৰ বিয়াৰ কথা তেতিয়া আৰম্ভ হয় যেতিয়া ইণ্ডিয়ান আইডলৰ ছেটত আঁত ধৰোতা আদিত্য নাৰায়ণৰ পিতৃ উদিত নাৰায়ণ পত্নীৰ সৈতে উপস্থিত হয়। ‘টাইমছ অব ইণ্ডিয়া’ৰ এক ৰিপ’ৰ্ট অনুসৰি, ইণ্ডিয়ান আইডল ১১ৰ আহিবলগীয়া খণ্ডত উদিত নাৰায়ণ আৰু অলকা য়াগনিক আহিব। এই শ্ব’ত উদিত নাৰায়ণে কোৱা পৰিলক্ষিত হ’ব যে এই শ্ব’টো পূৰ্বৰে পৰা দুটা কাৰণত অনুসৰণ কৰে। এটা হ’ল শ্ব’ৰ প্ৰতিযোগীসকল অত্যন্ত প্ৰতিভাশালী আৰু আনটো হ’ল নেহা কক্কৰক নিজৰ বোৱাৰী হিচাপে পাব বিচাৰে।

এই ৰিপ’ৰ্টত উল্লেখ কৰা হৈছে যে কেৱল উদিত নাৰায়ণেই নহয়, তেওঁৰ পত্নী দীপা নাৰায়ণেও এই শ্ব’ত নেহা কক্কৰক নাৰায়ণ পৰিয়ালৰ বোৱাৰী কৰাৰ কথা কয়। নেহাৰ পৰিয়ালো এই শ্ব’লৈ আহিছিল আৰু তেওঁলোকেও এই বিয়াৰ বাবে সন্মতি প্ৰকাশ কৰে। ইয়াকে লৈ আদিত্য নাৰায়ণক অত্যন্ত সুখী দেখা যায়, কিন্তু নেহাই কয় যে যদি ইমান সোনকালে বিয়াৰ বাবে সন্মত হয় তেন্তে কোনো আমেজেই নাথাকিব। উল্লেখযোগ্য যে এই খণ্ডৰ শ্বুটিং শেষ হৈছে আৰু শীঘ্ৰে দৰ্শকৰ সন্মুখলৈ আহিব।

Photo : News18 Hindi


উল্লেখযোগ্য যে, এই সকলোবোৰ অনুষ্ঠানটোৰ অংশও হ’ব পাৰে, কিয়নো শ্ব’ৰ আঁত ধৰোতা আদিত্যই প্ৰায়ে নেহাৰ সৈতে ধেমালি কৰা দেখা যায়। সেয়েহে NEWS18–এ এনেধৰণৰ খবৰৰ কোনো নিশ্চিতি প্ৰদান নকৰে। এতিয়া নেহা কক্কৰে বিয়াৰ খবৰক লৈ কি কয় সেয়া লক্ষণীয় হ’ব। কিয়নো কিছুদিন পূৰ্বে অভিনেতা হিমাংশ কোহলীৰ সৈতে ব্ৰেকআপ হৈছে নেহাৰ। এই ব্ৰেকআপৰ পিছতে মানসিকভাৱে ভাহি পৰিছিল নেহা।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি