ইণ্ডিয়ান আইডল এৰি গোৱাৰ সমুদ্ৰ তীৰত কি কৰিছে আদিত্য নাৰায়ণ আৰু নেহা কক্কৰে?

News18 Assam | News18-Assam
Updated:February 4, 2020, 4:50 PM IST
ইণ্ডিয়ান আইডল এৰি গোৱাৰ সমুদ্ৰ তীৰত কি কৰিছে আদিত্য নাৰায়ণ আৰু নেহা কক্কৰে?
ইণ্ডিয়ান আইডলৰ মঞ্চত আদিত্য নাৰায়ণে প্ৰায়ে নেহাক নিজৰ প্ৰেম নিবেদন কৰাৰ লগতে বিয়াৰ বাবে প্ৰস্তাৱো দিয়া দেখা গৈছিল।

ইণ্ডিয়ান আইডলৰ মঞ্চত আদিত্য নাৰায়ণে প্ৰায়ে নেহাক নিজৰ প্ৰেম নিবেদন কৰাৰ লগতে বিয়াৰ বাবে প্ৰস্তাৱো দিয়া দেখা গৈছিল।

  • Share this:
জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ইণ্ডিয়ান আইডলত বিচাৰকৰ আসন শুৱনি কৰা নেহা কক্কৰ আৰু শ্ব’ৰ আঁত ধৰোতা আদিত্য নাৰায়ণৰ মাজৰ সম্পৰ্কই বিগত কিছুদিন ধৰি লাভ কৰিছে বিশেষ চৰ্চা। যদিও টেলিভিছনৰ শ্ব’ত এই সম্পৰ্ক আৰম্ভ হৈছে, কিন্তু এতিয়া ছেটৰ বাহিৰতো দুয়োকে সময় কটোৱা দেখা গৈছে। শেহতীয়াকৈ নেহা কক্কৰ আৰু আদিত্য নাৰায়ণক দেখা গোৱাৰ সমুদ্ৰ তীৰত। নেহা কক্কৰে এই সুন্দৰ সময়ৰ ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত।

ইণ্ডিয়ান আইডলৰ মঞ্চত আদিত্য নাৰায়ণে প্ৰায়ে নেহাক নিজৰ প্ৰেম নিবেদন কৰাৰ লগতে বিয়াৰ বাবে প্ৰস্তাৱো দিয়া দেখা গৈছিল। ইমানেই নহয় শেহতীয়াকৈ আদিত্যৰ পিতৃ আৰু মাতৃয়েও বিয়াৰ প্ৰস্তাৱ দিয়াৰ বাবে এই শ্ব’লৈ আহিছিল।



এই খণ্ডটোত নেহাৰ পিতৃ–মাতৃও উপস্থিত আছিল। ইয়াৰ মাজতে আদিত্য আৰু নেহাক গোৱাৰ সমুদ্ৰ তীৰত দেখা গ’ল। অৱশ্যে আদিত্য আৰু নেহা অকলে নহয়, নেহাৰ ভাতৃ টনী কক্কৰকো তেওঁলোকৰ সৈতে দেখা গৈছিল।



আচলতে এই ফটো এটা গানৰ শ্বুটিঙৰ বাবে যোৱাৰ সময়ৰ। ‘গোৱা বীচ’ শীৰ্ষক গানটো ১০ ফেব্ৰুৱাৰীত মুক্তিলাভ কৰিব। এই গানটোত আদিত্যই গাব নে কেৱল নেহাৰ সৈতে নৃত্য কৰিব সেয়া গানটো মুক্তি পালেহে পোহৰলৈ আহিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি