‘Goa Beach’ত একেলগে কি কৰিছে নেহা কক্কৰ আৰু আদিত্য নাৰায়ণে? ইণ্টাৰনেটত ভাইৰেল Video

News18 Assam | News18-Assam
Updated:February 12, 2020, 5:06 PM IST
‘Goa Beach’ত একেলগে কি কৰিছে নেহা কক্কৰ আৰু আদিত্য নাৰায়ণে? ইণ্টাৰনেটত ভাইৰেল Video
জনপ্ৰিয় সংগীতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল’ত বিচাৰক হিচাপে থকা নেহা কক্কৰ আৰু আঁত ধৰোতা আদিত্য নাৰায়ণৰ বিয়াৰ খবৰে শেহতীয়াকৈ লাভ কৰিছে ব্যাপক চৰ্চা।

জনপ্ৰিয় সংগীতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল’ত বিচাৰক হিচাপে থকা নেহা কক্কৰ আৰু আঁত ধৰোতা আদিত্য নাৰায়ণৰ বিয়াৰ খবৰে শেহতীয়াকৈ লাভ কৰিছে ব্যাপক চৰ্চা।

  • Share this:
জনপ্ৰিয় সংগীতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল’ত বিচাৰক হিচাপে থকা নেহা কক্কৰ আৰু আঁত ধৰোতা আদিত্য নাৰায়ণৰ বিয়াৰ খবৰে শেহতীয়াকৈ লাভ কৰিছে ব্যাপক চৰ্চা। তাৰ মাজতে এইবাৰ গোৱাৰ বিচ্চত নেহা আৰু আদিত্যক একেলগে দেখিবলৈ পোৱা গ’ল।

শেহতীয়াকৈ শ্ব’লৈ অহা আদিত্য নাৰায়ণৰ পিতৃ তথা জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণ আৰু মাতৃয়ে নেহাক বোৱাৰী হিচাপে পোৱাৰ বাবে আশাও প্ৰকাশ কৰিছিল। নেহায়ো এই শ্ব’ত ভুলতে আদিত্য নাৰায়ণৰ মাতৃক ‘শাহু মা’ বুলি সম্বোধন কৰা দেখা গৈছিল। শ্ব’ত হাঁহি–ধেমালি চলিয়ে থাকে, কিন্তু এনেকুৱা লাগে যেন উদিত নাৰায়ণে নেহাক বোৱাৰী কৰি লোৱাৰ বাবে সম্পূৰ্ণ আগ্ৰহী।

এটা গীতত এইবাৰ একেলগে দেখা গৈছে নেহা আৰু আদিত্যক। গীটটোৰ শ্বুটিঙৰ বাবে নেহা আৰু আদিত্য গোৱা বিচ্চত আছিল। বিচ্চত দুয়ো একেলগে কটাইছিল নিবিড় মুহূৰ্ত। নেহাই নিজৰ ছচিয়েল মিডিয়া ছাইটত আপলোড কৰিছিল দুয়োৰে ফটো। ইতিমধ্যে গীতটোৰ ভিডিঅ’ ৰিলিজ কৰা হৈছে। দুয়োকে নতুন ৰূপত দেখি গীতটোও আদৰি লৈছে দৰ্শকে।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি