ষ্ট’ক এক্সচেঞ্জৰ টুইটাৰত মৌনি ৰয়ৰ আপত্তিজনক ফটো! সৰ্বত্ৰ চৰ্চা

- News18 Assam
- Last Updated: January 11, 2021, 2:37 PM IST
আচলতে ঘটনাটো কি আছিল?
শনিবাৰে হঠাত্ নেচনেল ষ্টক এক্সচেঞ্জৰ টুইটাৰৰ পৰা শ্বেয়াৰ কৰা হ’ল বলীউদৰ চৰ্চিত নায়িকা মৌনি ৰয়ৰ এখন বিশেষ ফটো। লগে লগে চৰ্চা আৰম্ভ হয় ছচিয়েল মিডিয়াত। এই কাণ্ড দেখি হতবাক হৈ পৰে সকলো। প্ৰথমে সকলোৱে ঘটনাটো কোনো বিজ্ঞাপনৰ ট্ৰিক বুলি ধৰি লৈছিল। কিন্তু মৌনি ৰয়ৰ সৈতে ষ্টকৰ কোনো যোগসূত্ৰ নেদেখাৰ পিছতে আৰম্ভ হয় ট্ৰ’ল।

পিছত সমগ্ৰ ঘটনাটো কৰ্তৃপক্ষৰ চকুত পৰাৰ পিছত লগে লগে অভিনেত্ৰীগৰাকীৰ ফটো ডিলিট কৰা হয়। আনকি ঘটনাটোৰ বাবে ক্ষমাও খোজে। কিন্তু সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ মন্তব্য দিয়া নাই অভিনেত্ৰীগৰাকীয়ে।