• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কোৰোণাৰ আতংকঃ বলীউদৰ ছবিত নিষিদ্ধ হ’ব নেকি চুম্বন অথবা ‘Intimate Scenes’?

কোৰোণাৰ আতংকঃ বলীউদৰ ছবিত নিষিদ্ধ হ’ব নেকি চুম্বন অথবা ‘Intimate Scenes’?

কেৱল ‘Intimate Scenes’ বুলিয়েই নহয়, ছবিৰ শ্বুটিঙো এতিয়া এক প্ৰত্যাহ্বান হৈ পৰিছে ছবি নিৰ্মাতাসকলৰ বাবে।

কেৱল ‘Intimate Scenes’ বুলিয়েই নহয়, ছবিৰ শ্বুটিঙো এতিয়া এক প্ৰত্যাহ্বান হৈ পৰিছে ছবি নিৰ্মাতাসকলৰ বাবে।

কেৱল ‘Intimate Scenes’ বুলিয়েই নহয়, ছবিৰ শ্বুটিঙো এতিয়া এক প্ৰত্যাহ্বান হৈ পৰিছে ছবি নিৰ্মাতাসকলৰ বাবে।

  • Share this:
দেশত কোৰোণা ভাইৰাছ আতংক অব্যাহত আছে যদিও কণ্টেইনমেণ্ট জ’নৰ বাহিৰে অন্য ঠাইত এতিয়া নাই ল’ক ডাউন। ছবিৰ লগত জড়িত সকলকো এতিয়া শ্বুটিঙৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। কিন্তু ছবিৰ শ্বুটিঙ এতিয়া ছবি নিৰ্মাতা সকলৰ বাবে হৈ পৰিছে ডাঙৰ প্ৰত্যাহ্বান।

ইফালে দৃশ্যগ্ৰহণৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। একমাত্ৰ অভিনেতা-অভিনেত্ৰীসকলে দৃশ্যগ্ৰহণ চলি থকাৰ সময়ত মাস্ক নিপিন্ধাকে থাকিব পাৰিব। কিন্তু বাকীসময়ত পৰিধান কৰিব লাগিব মাস্ক।

কোৰোণাৰ সংক্ৰমণৰ সন্দেহত এতিয়া ছবি নিৰ্মাতা সকলৰ মাজতে সৃষ্টি হৈছে দুমুজাৰ। ‘Intimate Scenes’ অথবা চুম্বনৰ দৃশ্যগ্ৰহণ এতিয়া বিচৰা নাই একাংশ ছবি নিৰ্মাতাই। সদ্যহতে বলীউদৰ ছবিত চুমা অথবা ‘Intimate Scenes’ কোৰোণাৰ আতংক শেষ নোহোৱা পৰ্যন্ত  নিষিদ্ধ কৰিব লাগে বুলিও একাংশই কৰিছে দাবী। কিন্তু এই ক্ষেত্ৰতো আছে বহুতৰে মত পাৰ্থক্য।

চিনে আৰু টিভি আৰ্টিষ্ট এছ’চিয়েশ্বনে এতিয়া ছবিৰ দৃশ্যগ্ৰহণৰ বাবে বিশেষ নীতি-নিয়মৰ সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে। আচলতে এই নীতি-নিয়ম ৰাজহুৱা পিছতহে সকলো কথা স্পষ্ট হৈ পৰিব।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি