বিয়াৰ পূৰ্বে ৬ বছৰ ধৰি বয়সীয়াল লোকৰ সৈতে লিভ-ইন কৰিছিল এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে! ব্যাপক চৰ্চা

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:38 PM IST
বিয়াৰ পূৰ্বে ৬ বছৰ ধৰি বয়সীয়াল লোকৰ সৈতে লিভ-ইন কৰিছিল এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে! ব্যাপক চৰ্চা
এই দাবী কৰিছে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। বৰ্তমান এই খবৰে লাভ কৰিছে ব্যাপক চৰ্চা।

এই দাবী কৰিছে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। বৰ্তমান এই খবৰে লাভ কৰিছে ব্যাপক চৰ্চা।

  • Share this:
বিয়াৰ পূৰ্বে ৬ বছৰ ধৰি এজন বয়সীয়াল লোকৰ সৈতে লিভ-ইন কৰিছিল এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে। এই দাবী কৰিছে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। বৰ্তমান এই খবৰে লাভ কৰিছে ব্যাপক চৰ্চা। অভিনেত্ৰীগৰাকীয়ে এই কথা ভিত্তিহীন আখ্যা দিলেও সংবাদ প্ৰতিষ্ঠানটোৱে কৰিছে এই দাবী।

‘বিগ বছ’ৰ জৰিয়তে চৰ্চালৈ অহা ভোজপুৰী আৰু বাঙালী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী মোনালিছাক লৈ এই মন্তব্য কৰিছে সংবাদপ্ৰতিষ্ঠানটোৱে। সংবাদ প্ৰতিষ্ঠানটোৰ দাবী , বিয়াৰ পূৰ্বে প্ৰায় ৬ বছৰ ধৰি এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ সৈতে লিভ-ইন কৰিছিল মোনালিছাই।



এই খবৰ ভিত্তিহীন বুলি অভিহিত কৰি অভিনেত্ৰীগৰাকীয়ে এনে বাতৰি প্ৰকাশ নকৰিবলৈ সকীয়াই দিয়ে। আনকি অভিনেত্ৰীগৰাকীক এই সন্দৰ্ভত একো নজনোৱাকৈ এনে বাতৰি কৰিছে বুলি অভিযোগ কৰে অভিনেত্ৰীগৰাকীয়ে।

২০০৮ চনত ‘দুলহা আলবেলা’ নামৰ এখন ধাৰাবাহিকৰ ছেটত বিক্ৰান্ত সিং ৰাজপুতৰ সৈতে পৰিচয় হয় অভিনেত্ৰী মোনালিছাৰ। আৰু বিগ বছ ১০ৰ পিছতে দুয়ো বিবাহ পাশত আবদ্ধ হয়। অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, ‘বৰ্তমান স্বামী বিক্ৰান্তৰ সৈতে সুখৰ সংসাৰ মোনালিছাৰ।’
Published by: Himangshu Bhuyan
First published: March 7, 2021, 3:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি