শীৰ্ষৰ তিনিটা পদক আজুৰি আনিবলৈ সক্ষম হয় অসমৰ জেছিকা ডেকা, উৰ্বশী শইকীয়া আৰু জাহ্নৱী শইকীয়াই।
শীৰ্ষৰ তিনিটা পদক আজুৰি আনিবলৈ সক্ষম হয় অসমৰ জেছিকা ডেকা, উৰ্বশী শইকীয়া আৰু জাহ্নৱী শইকীয়াই।
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ তিনি কন্যা। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা 'ছুপাৰ মডেল অৱ ৰাজস্থান' শীৰ্ষক ফেশ্বন শ্বোত শীৰ্ষৰ তিনিটা পদক আজুৰি আনিবলৈ সক্ষম হয় অসমৰ ক্ৰমে জেছিকা ডেকা, উৰ্বশী শইকীয়া আৰু জাহ্নৱী শইকীয়াই । ৰাজস্থানত আয়োজিত ফেশ্বন শ্বোত ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল সেই প্ৰতিযোগিতাত।
অসমৰ পৰা ষ্টাৰ ইভেণ্ট ডিৰেক্টৰ শ্বাহৰুখ আলীৰ নেতৃত্বত গৈছিল অসমৰ তিনি কন্যা, লগত আছিল ফেশ্বন কৰিঅʼগ্ৰাফাৰ মানস জ্যোতি গগৈ, ডান্স কৰিঅʼগ্ৰাফাৰ পূজা মালাকৰ। সুদূৰ ৰাজস্থানৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতে ৰঙিয়া ৰে'ল ষ্টেচনত সম্বৰ্ধনা জনোৱা হয় অসম কন্যা তিনি গৰাকীক । অসমলৈ গৌৰৱ কঢ়িয়াই অনা এই সাফল্যতাক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা যায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|