আকৌ ছবিজগতলৈ বিধায়িকা আঙুৰলতা! কোন খন ছবিত হ’ল চুক্তিবদ্ধ?

অসমত এতিয়া অসমীয়া চিনেমাৰ বতৰ। অসমীয়া ছবিৰ উত্থানত এতিয়া অধিক আত্মবিশ্বাসী হৈ উঠিছে আঙুৰলতা ডেকা

News18-Assam
Updated:September 18, 2019, 7:00 PM IST
আকৌ ছবিজগতলৈ বিধায়িকা আঙুৰলতা! কোন খন ছবিত হ’ল চুক্তিবদ্ধ?
অসমত এতিয়া অসমীয়া চিনেমাৰ বতৰ। অসমীয়া ছবিৰ উত্থানত এতিয়া অধিক আত্মবিশ্বাসী হৈ উঠিছে আঙুৰলতা ডেকা
News18-Assam
Updated: September 18, 2019, 7:00 PM IST
মোহময়ী অভিনেত্ৰী তথা বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক অতি শীঘ্ৰে দেখিবলৈ পোৱা যাব ৰূপালী পৰ্দাত। অসমীয়া ছবিৰ উত্থানত  এতিয়া অধিক  আত্মবিশ্বাসী  হৈ উঠিছে বিধায়িকা আঙুৰলতা ডেকা। সেয়েহে পুনৰ অসমীয়া ছবিজগতত খলকনি তুলিবলৈ সাজু হৈছে আঙুৰলতা।

বাকৰ পুতেক, জোনদা ইমান গুন্দাৰ নিচিনা ছুপাৰহিট অসমীয়া ছবি দৰ্শকক উপহাৰ দিয়া জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকা এতিয়া ৰাজ্যৰ ৰাজনীতিৰ এটা অন্যতম নাম ৷ বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকা এতিয়া চূড়ান্ত ব্যস্ত ৰাজনীতিৰ পাশাখেলত ৷ কিন্তু শেহতীয়াভাৱে অসমীয়া ছবিজগতলৈ অহা সফল পৰিৱৰ্তনে যেন পুনৰ ৰীল লাইফলৈ হাত বাউলি মাতিছে অভিনেত্ৰী আঙুৰলতাক!



ইতিমধ্যে আঙুৰলতা ডেকাই আৰম্ভ কৰিছে অভিনয়ৰ বাবে যাৱতীয় প্ৰস্তুতি ৷ লাহে লাহে ডাঙৰ হৈছে আঙুৰলতাৰ কন্যা নমামীও ৷ মাতৃত্বৰ বান্ধোনৰ পৰা কিছু মুক্ত হ'ব পৰাৰ লগে লগে এতিয়া আৰু ৰৈ থাকিব বিচৰা নাই আঙুৰলতা ৷ তাতে আকৌ চলচিত্ৰ উদ্যোগটোৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে বিশেষ নীতি ৷ গতিকে আঙুৰলতা ৰৈ থাকেনো কেনেকৈ!
EVO: ৰাজনীতিৰ পথাৰতো সদায়েই এক্টিভ বিধায়িকা আঙুৰলতা ৷ কেতিয়াবা যদি পানী ভাঙি কাষ চাপিছে বন্যাৰ্তৰ, কেতিয়াবা আকৌ ক্ৰিকেট খেলি জনসাধাৰণক দিছে মনোৰঞ্জন ৷ একে উদ্যম লৈ সেয়ে এতিয়া পুনৰ অভিনয় জগতলৈ আহিবলৈ মন মেলিছে অভিনেত্ৰী আঙুৰলতা

চাওকঃ  ৰাজপথত ছানী লিয়নীৰ আকৰ্ষণীয় ৰূপ! নতুন ৰূপেৰে সকলোকে কৰিলে মোহিত
আৰু চাওক পৰৱৰ্তী বাতৰি