দীপিকা পাডুকণ, ৰণবীৰ কাপুৰ, বিকি কৌশলে কৰণ জোহৰৰ পাৰ্টীত ড্ৰাগ্ছ লোৱাৰ অভিযোগ বিধায়কৰ

News18-Assam
Updated:August 1, 2019, 11:03 AM IST
দীপিকা পাডুকণ, ৰণবীৰ কাপুৰ, বিকি কৌশলে কৰণ জোহৰৰ পাৰ্টীত ড্ৰাগ্ছ লোৱাৰ অভিযোগ বিধায়কৰ
এই পাৰ্টীত আছিল দীপিকা পাডুকণ, বিকি কৌশল, ৰণবীৰ কাপুৰ, বৰুণ ধৱন, অৰ্জুন কাপুৰ, মালাইকা আৰোৰাৰ লগতে বলীউদৰ আন কেইবাগৰাকীও তাৰকা।

এই পাৰ্টীত আছিল দীপিকা পাডুকণ, বিকি কৌশল, ৰণবীৰ কাপুৰ, বৰুণ ধৱন, অৰ্জুন কাপুৰ, মালাইকা আৰোৰাৰ লগতে বলীউদৰ আন কেইবাগৰাকীও তাৰকা।

  • Share this:
নিজৰ কাম আৰু চিনেমাৰ বাবে চৰ্চাত থকা দীপিকা পাডুকণ, বৰুণ ধৱন, বিকি কৌশল এইবাৰ আন এক কাৰণত চৰ্চালৈ আহিছে। কৰণ জোহৰৰ এটা পাৰ্টীত বলীউদৰ কেইবাগৰাকীও তাৰকাই ড্ৰাগছ লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত পাৰ্টীত উপস্থিত থকা আটাইকেইগৰাকী তাৰকাৰ ভাৱ–ভংগী আৰু বডী লেংগুৱেজৰ বাবে বহু লোকে ড্ৰাগছ লোৱাৰ আশংকা প্ৰকাশ কৰিছে।

এই পাৰ্টীত আছিল দীপিকা পাডুকণ, বিকি কৌশল, ৰণবীৰ কাপুৰ, বৰুণ ধৱন, অৰ্জুন কাপুৰ, মালাইকা আৰোৰাৰ লগতে বলীউদৰ আন কেইবাগৰাকীও তাৰকা। উল্লেখযোগ্য যে পাৰ্টীৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল কৰণ জোহৰে। এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত বহু লোকৰ লগতে আকালী দলৰ নেতা তথা বিধায়ক মনজিন্দৰ সিং শীৰ্ষায়ো চোকা সমালোচনা কৰিছে তাৰকাসকলক। মনজিন্দৰ সিং শীৰ্ষাই অভিযোগ কৰে যে পাৰ্টীত থকা সকলোৱে ড্ৰাগ্ছ লৈছে আৰু যদি এয়া অসত্য তেন্তে তেওঁলোৱে ড’প টেষ্টৰ জৰিয়তে প্ৰমাণ কৰা উচিত।



উল্লেখযোগ্য যে এই পাৰ্টীত উপস্থিত নাছিল দীপিকা পাডুকণৰ স্বামী ৰণৱীৰ সিং আৰু ৰণবীৰ কাপুৰৰ প্ৰেমিকা আলিয়া ভাট।
আৰু চাওক
পৰৱৰ্তী বাতৰি