১৫ আগষ্টত ‘মিছন মংগল’!

ভাৰতৰ প্ৰথমখন ‘Space Film’ হিচাপে পৰিগণিত হৈছে মিছন মংগল। চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব বলীউডৰ নতুন ছবিখনে।

news18assam
Updated:July 5, 2019, 5:24 PM IST
১৫ আগষ্টত ‘মিছন মংগল’!
ভাৰতৰ প্ৰথমখন ‘Space Film’ হিচাপে পৰিগণিত হৈছে মিছন মংগল। চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব বলীউডৰ নতুন ছবিখনে।
news18assam
Updated: July 5, 2019, 5:24 PM IST
ছবি অনুৰাগী সকলৰ বাবে ভাল খবৰ। ১৫ আগষ্টত ছবিগৃহলৈ আহিব বছৰটোৰ বহু চৰ্চিত ছবি মিছন মংগল। জগন শক্তিয়ে পৰিচালনা কৰা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ তাৰকা অভিনেতা অক্ষয় কুমাৰে। লগতে অন্যান্য চৰিত্ৰত অভিনয় কৰিছে বিদ্যা বালান, সোনাক্ষী সিন্হা, তাপশ্ৰী পানু, ছৰমান যোশী আদিৰ দৰে অভিনয় শিল্পীয়ে। Fox Star Studio আৰু Nadiadwala Grandson Entertaionment ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে অক্ষয় কুমাৰ আৰু আৰ বাল্কীয়ে।


বহুচৰ্চিত ছবিখন বলিউডৰ প্ৰথমখন ‘interplanetary expedition’ হিচাপে পৰিগণিত হৈছে। ছবিখনৰ কাহিনীভাগ ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বৈজ্ঞানীকে Mars Orbiter Mission লৈ আগবঢোৱা বৰঙণীক মূল বিষয় হিচাপে লৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে।



ছবিখনৰ জৰিয়তে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত বলীউডত আকৌ এবাৰ ভুমুকি মাৰিব অভিনেতা সঞ্জয় কাপুৰে। ইতিমধ্যে অফিচিয়েল পষ্টাৰ মুকলি কৰা ছবিখনৰ বাবে দৰ্শকে অধিক আগ্ৰহেৰে বাট চাই আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি