২৯ জুন’ৰ পৰা আপুনিও হ’ব পাৰিব কৰ্ণেল গোস্বামী!

News18-Assam
Updated:June 24, 2019, 4:27 PM IST
২৯ জুন’ৰ পৰা আপুনিও হ’ব পাৰিব কৰ্ণেল গোস্বামী!
২৯ জুন’ৰ পৰা Google play store ত উপলব্ধ হ’ব মিছন চাইনাৰ Android গেম

২৯ জুন’ৰ পৰা Google play store ত উপলব্ধ হ’ব মিছন চাইনাৰ Android গেম

  • Share this:
২০১৭ চনত মুক্তি লাভ কৰা কৰিছিল জুবিন গাৰ্গ অভিনীত ব্লকবাষ্টাৰ অসমীয়া ছবি মিছন চাইনা। ছবিখনে অসমীয়া বানিজ্যিক ছবিলৈ আনিছিল অন্য এক পৰিৱৰ্তন। বক্স অফিছত ছয় কোটিৰো অধিক ধন উপাৰ্জন কৰি ছবিখনে অসমীয়া ছবিৰ সৰ্বকালৰ বক্স অফিছ ৰেকৰ্ড ভংগ কৰিছিল মিছন চাইনাই।

ছবিখনে লাভ কৰা অপাৰ সফলতাৰ পিছত এইবাৰ জুবিন গাৰ্গ সাজু হৈছে ছবিখনৰ 3D গেম মুকলি কৰিবলৈ। ২৯ জুন তাৰিখৰ পৰা মিছন চাইনাৰ গেম Google play store ত  উপলব্ধ হ’ব । যাৰফলত এখন ছবিক গেমৰ আকাৰত নিৰ্মাণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত হ’ব মিছন চাইনা।

জুবিন গাৰ্গৰ ফেচবুক পেজৰ পৰা


অংশুমান গগৈ আৰু অংকুৰজ্যোতি হাতীবৰুৱাই develop কৰা মিছন ছাইনাৰ এনড্ৰইড গেমটোত দেখা যাব জুবিন গাৰ্গক কৰ্ণেল গোস্বামীৰ ৰূপত! সেইদৰে অভিনেত্ৰী য়াংকী পৰাশৰক য়াংকী, গৰীমা শইকীয়াক ডা০ গৰীমা, অভিনেতা বিভূতি ভূষণ হাজৰিকাক IGP শৰ্মা, আৰু পবিত্ৰ ৰাভাক লামাৰ ৰূমত দেখা যাব গেমটোত!



জুবিন গাৰ্গে নিজৰ  ফেচবুক পেজত গেমটোৰ সম্পৰ্কত পোষ্ট শ্বেয়াৰ কৰাৰ পিছতে এতিয়া ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা।

 
First published: June 24, 2019, 4:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি