உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • নাগপুৰীয়া সুন্দৰীৰ কণ্ঠৰ প্ৰেমত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

    নাগপুৰীয়া সুন্দৰীৰ কণ্ঠৰ প্ৰেমত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

    Photo : Instagram

    Photo : Instagram

    শেহতীয়াকৈ এগৰাকী নাগপুৰীয়া যুৱতীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে মন্ত্ৰীগৰাকীয়ে।

    • Share this:
      এগৰাকী নাগপুৰীয়া সুন্দৰীৰ সংগীতৰ প্ৰেমত পৰিছে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু। সংগীত অতিকে প্ৰিয় কিৰেণ ৰিজিজুৰ। তাতে যদি আকৌ অৰুণাচলী গীত হয়, তেতিয়াতো কথাই নাই। শেহতীয়াকৈ এগৰাকী নাগপুৰীয়া যুৱতীৰ এটা ভিডিঅ’ ছচিয়েল
      মিডিয়াত শ্বেয়াৰ কৰিছে মন্ত্ৰীগৰাকীয়ে।

      ভিডিঅ’টো সুন্দৰী যুৱতীগৰাকীয়ে গাইছে এটা সুন্দৰ অৰুণাচলী গীত। যুৱতীগৰাকীৰ নাম শ্ৰীনিধি ঘাটাটে বুলি প্ৰকাশ কৰিছে ৰিজিজুৱে। ঘৰ মহাৰাষ্ট্ৰৰ নাগপুৰত। টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি ৰিজিজুৱে লিখিছে – মহাৰাষ্ট্ৰৰ নাগপুৰৰ উদীয়মান আৰু প্ৰতিভাশালী গায়িকা শ্ৰীনিধি ঘাটাটে গাইছে এই সুন্দৰ অৰুণাচলী গীতটো! মই প্ৰভাৱিত।


      ছচিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে শ্ৰীনিধিয়ে। ৯ বছৰ বয়সৰ পৰাই সংগীতৰ শিক্ষা লৈছিল শ্ৰীনিধিয়ে। Sa Re Ga Ma Pa Lil Champs (Marathi) আৰু আন ৰিয়েলিটী শ্ব’টো অংশগ্ৰহণ কৰিছে শ্ৰীনিধিয়ে। নিজৰ এটা মিউজিক বেণ্ডো আছে শ্ৰীনিধিৰ।

       

      NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

      First published: