বলীউডৰ সুন্দৰী মলাইকা আৰোৰাই কিয় ৰিয়েলিটী শ্ব'ৰ মাজতে আৱেগিক হৈ উঠিল?

News18 Assam | News18-Assam
Updated:May 8, 2021, 11:29 PM IST
বলীউডৰ সুন্দৰী মলাইকা আৰোৰাই কিয় ৰিয়েলিটী শ্ব'ৰ মাজতে আৱেগিক হৈ উঠিল?
photo-instagram

মলাইকা অৰোৰাই Super Dancer Chapter 4 অনুষ্ঠানত নিজৰ আৱেগ প্ৰকাশ কৰি তেওঁৰ কোনো ছোৱালী নাই বুলি অনুশোচনা কৰে।

  • Share this:
বলীউডৰ অভিনেত্ৰী মলাইকা অৰোৰাই তেওঁৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবে শিৰোনাম দখল কৰি আহিছে। মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ প্ৰেম কাৰো পৰা লুকাই থকা নাই। দুয়োজনে প্ৰায়ে ইজনে সিজনৰ প্ৰতি তেওঁলোকৰ প্ৰেম প্ৰকাশ কৰে। মলাইকাক বৰ্তমান চুপাৰ ডান্সাৰ চেপ্টাৰ 4ত বিচাৰক হিচাপে দেখা গৈছে। তেওঁ অনুষ্ঠানটোৰ বিচাৰক শিল্পা চেট্টীক কেইদিনমানৰ বাবে সলনি কৰিছে। ইফালে মলাইকা অৰোৰাই অনুষ্ঠানটোত নিজৰ আৱেগ প্ৰকাশ কৰে আৰু তেওঁৰ কোনো ছোৱালী নাই বুলি অনুশোচনা কৰে।

প্ৰতিযোগী ফ্লোৰিনাৰ প্ৰদৰ্শন চোৱাৰ পিছত মালাইকাই এইকথা কৈছিল। মলাইকাই ফ্লোৰিনাৰ প্ৰদৰ্শন দেখি ইমান সুখী হৈছিল যে তাইক সাৱটি ধৰিছিল আৰু কৈছিল যে তেওঁ সদায় এজনী ছোৱালী বিচাৰিছিল। মলাইকাই ফ্লোৰিনাক ক'লে, 'মই তোমাক মোৰ লগত ঘৰলৈ লৈ যাম নেকি? মোৰ ল'ৰাটো আছে। মই সদায় কৈ আহিছো যে মোৰ যদি এজনী ছোৱালী থাকিলেহেঁতেন। মোৰ তাত বহুত ধুনীয়া ধুনীয়া কাপোৰ আৰু চেন্দেল আছে, কিন্তু সেয়া পিন্ধিবলৈ কোনো নাই।'
Published by: Kokil Sarma
First published: May 8, 2021, 11:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি