সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়াৰ সৈতে কি সম্পৰ্ক মহেশ ভাটৰ? ছচিয়েল মিডিয়াত ভাইৰেল ফটো

News18 Assam | News18-Assam
Updated:June 19, 2020, 3:32 PM IST
সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়াৰ সৈতে কি সম্পৰ্ক মহেশ ভাটৰ? ছচিয়েল মিডিয়াত ভাইৰেল ফটো
অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে এতিয়া বলীউদৰ বহু গোপন কৰা পোহৰলৈ আহিছে।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে এতিয়া বলীউদৰ বহু গোপন কৰা পোহৰলৈ আহিছে।

  • Share this:
অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে এতিয়া বলীউদৰ বহু গোপন কথা পোহৰলৈ আহিছে। সুশান্ত সিং ৰাজপুতৰ অকাল বিয়োগৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ১৩ জন লোকক মন্তব্য সংগ্ৰহ কৰিছে। আৰক্ষীয়ে সুশান্তৰ বন্ধু, ঘৰৰ কাম কৰা মানুহ, সম্বন্ধীয় লোক, ছবি প্ৰযোজনাৰ লগত জড়িত বহুলোকক সোধা-পোছা কৰিছে।

সুশান্তৰ মৃত্যু পিছতে চৰ্চালৈ আহিছে অভিনেতাজনৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী। বৃহস্পতিবাৰে ৰিয়াক আৰক্ষীয়ে দিনৰ ১১ বজাৰ পৰা নিশা ১০ বজালৈকে সোধা-পোছা কৰে।



কিন্তু সেইসময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ছবি নিৰ্মাতা মহেশ ভাটৰ সৈতে ৰিয়াৰ বহু ফটো। বহুতে লগে লগে ট্ৰল কৰা আৰম্ভ কৰে আলীয়া ভাটৰ পিতৃ মহেশ ভাটক। দুবঠৰ পূৰ্বে ৰিয়া আৰু মহেশ ভাটক এনেলগে দেখা গৈছিল। এই ফটো আনকি ৰিয়াই নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰিছিল।

মহেশ ভাটক জন্মদিনৰ শুভেচ্ছা জনাই ৰিয়াই লিখিছিল- ‘হেপ্পী বাৰ্থ দ্যে Mere Buddha। মোক মৰমেৰে আঁকোৱালি ল’লে। মৰম দিলে, আপুনি এনেধৰণৰ ব্যক্তি যি আনক পোহৰাই তোলে।’



First published: June 19, 2020, 3:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading