পুত্ৰৰ জন্মদিনৰ দিনা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি আবেগিক হৈ পৰিল অভিনেত্ৰী মাধুৰী দিক্ষিত, চাওক Video

News18 Assam | News18-Assam
Updated:March 12, 2020, 9:25 AM IST
পুত্ৰৰ জন্মদিনৰ দিনা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি আবেগিক হৈ পৰিল অভিনেত্ৰী মাধুৰী দিক্ষিত, চাওক Video
নিজৰ দুই পুত্ৰৰ বহু স্মৃতিৰে মাধুৰী দিক্ষিতে শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

নিজৰ দুই পুত্ৰৰ বহু স্মৃতিৰে মাধুৰী দিক্ষিতে শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

  • Share this:
মাধুৰী দিক্ষিত নেনে। বলীউডৰ ৰাণী মাধুৰী দিক্ষিত। যি ছবিতেই মাধুৰী দিক্ষিত থাকে, সেই ছবিয়েই ছুপাৰহিট। ৯০ দশকৰ বহু ছুপাৰহিট ছবিত মাধুৰীৰ অভিনয়, জনপ্ৰিয় গীতত মাধুৰীৰ নৃত্য কোনে পাহৰিব পাৰিব!

১৯৯৯ চনত বিবাহ পাশত আবদ্ধ হয় মাধুৰী দিক্ষিত। ২০০৩ চনত মাধুৰীৰে জন্ম দিয়ে প্ৰথম সন্তান। তাৰ ঠিক দুবছৰৰ পিছতে দ্বিতীয় বাৰ বাবে মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।



বুধবাৰে আছিল মাধুৰীৰ সৰু পুত্ৰৰ জন্মদিন। মাধুৰীৰ দুয়োটা সন্তানেই এতিয়া বিদেশত থাকি পঢ়া–শুনা কৰে। সৰু পুত্ৰ ৰিয়ানৰ জন্মদিনৰ দিনা ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি আবেগিক হৈ পৰিল অভিনেত্ৰীগৰাকী।




ভিডিঅ’টো শ্বেয়াৰ কৰি মাধুৰীয়ে লিখিছে, ‘ প্ৰতিবছৰে অলপ অলপ কৈ ডাঙৰ হৈছা তুমি। আমালৈ তোমাৰ যি মৰম, সেয়াও বৰ ভাল লাগে। যিমানেই তুমি ডাঙৰ নোহোৱা কিয়, সদায় তুমি আমাৰ কাৰণে সৰু বাবাই হৈ থাকিবৈ। জন্মদিনৰ শুভেচ্ছা থাকিল ৰিয়ান। তোমাৰ সকলো সপোন পূৰ্ণ হওক।’
আৰু চাওক
পৰৱৰ্তী বাতৰি