এইবাৰ লালু প্ৰসাদ যাদৱৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’ব ছবি, নাম ‘লালটেন’

লালুৰ চৰিত্ৰত অভিনয় কৰিব ভোজপুৰী ছবিৰ অভিনেতা য়শ কুমাৰে

News18-Assam
Updated:October 31, 2019, 3:14 PM IST
এইবাৰ লালু প্ৰসাদ যাদৱৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’ব ছবি, নাম ‘লালটেন’
লালুৰ চৰিত্ৰত অভিনয় কৰিব ভোজপুৰী ছবিৰ অভিনেতা য়শ কুমাৰে
News18-Assam
Updated: October 31, 2019, 3:14 PM IST
নিৰ্মাণ কৰা হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জীৱন ভিত্তিক এখন ছবি। ভোজপুৰী ভাষাত নিৰ্মাণ হ’বলগীয়া ছবিখনত লালুৰ চৰিত্ৰত অভিনয় কৰিব ভোজপুৰী ছবিৰ অভিনেতা য়শ কুমাৰে। ইতিমধ্যে প্ৰায় শেষ হৈছে ছবিখনৰ প্ৰাৰম্ভিক কাম কাজ।

অহা বছৰ ফ্ৰেব্ৰুৱাৰী মাহত মুক্তি পাবলগীয়া ছবিখনত লালুৰ সামাজিক, ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনৰ বহু কেইটা দিশ সামৰি লোৱা হ’ব। সেইদৰে লালু প্ৰসাদৰ সমসাময়িক বহু কেইজন ৰাজনৈতিক নেতাকো ছবিখনত দেখুওৱা হ’ব বুলি জনাইছে অভিনেতা য়শ কুমাৰে। ছবিখন হিন্দী ভাষাটো নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে বুলি জনাইছে অভিনেতাজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি