ৰাণু মণ্ডল সাজু, এইবাৰ কুমাৰ ছানুৰ সৈতে গাব ‘Duet’!

হিমেশ ৰেশমীয়াৰ পিছত এইবাৰ বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী কুমাৰ ছানুৰ সৈতে এটা দ্বৈত গীতত কণ্ঠদান কৰিব বলীউডৰ নতুন ‘Singing Sensation’ ৰাণু মণ্ডলে!

News18-Assam
Updated:September 18, 2019, 7:35 PM IST
ৰাণু মণ্ডল সাজু, এইবাৰ কুমাৰ ছানুৰ সৈতে গাব ‘Duet’!
ৰাণু মণ্ডল আৰু কুমাৰ ছানু
News18-Assam
Updated: September 18, 2019, 7:35 PM IST
হিমেশ ৰেশমীয়াৰ ছবিত গীত গাই একে ৰাতিতে জনপ্ৰিয় হৈ পৰা বলীউডৰ নৱতম Singing Sensation ৰাণু মণ্ডলে এইবাৰ এটা দ্বৈত গীতত কণ্ঠদান কৰিব কুমাৰ ছানুৰ সৈতে।

এই সন্দৰ্ভত কুমাৰ ছানুৱে ৰাণুৰ সৈতে গীত গাবলৈ সাজু হৈ থকা বুলি উল্লেখ কৰে। কুমাৰ ছানুৰ মতে ৰাণু মণ্ডলে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে। সেইদৰে কুমাৰ ছানুৱে সদায় নৱাগতক অগ্ৰধিকাৰ দিবলৈ বিচাৰে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, ইতিমধ্যে মুক্তি পালে হিমেশ ৰেশমীয়াৰ সংগীত পৰিচালনাত ৰাণু মণ্ডলে গোৱা ‘তাৰী মেৰী কাহানী ’ শীৰ্ষক গীত! গীতটো মুক্তিৰ লগে লগে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। মুক্তিৰ প্ৰথমদিনাই অতিক্ৰম কৰে পাঁচ মিলিয়নৰ ঘৰ।

চাওকঃ ৰাজপথত ছানী লিয়নীৰ আকৰ্ষণীয় ৰূপ! নতুন ৰূপেৰে সকলোকে কৰিলে মোহিত
আৰু চাওক পৰৱৰ্তী বাতৰি